ঘৰলৈ আহিবলৈ হেতা–ওপৰা লগাইছে ভাৰতীয় ক্ৰিকেটাৰে
🔹 অষ্ট্রেলিয়াত থাকিব বিচৰা নাই দলটো
নিউজ ডেস্ক, ৭ জানুৱাৰী : প্রায় দুমহীয়া অষ্ট্রেলিয়া ভ্রমণ সমাপ্ত কৰি ৮ জানুৱাৰীত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে ভাৰতলৈ ৰাওনা হোৱাৰ কথা আছিল৷ কিন্তু মাত্র ৩ দিনত ছিডনী টেষ্ট সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় ক্রিকেট দলৰ ক্রিকেটাৰসকলে অষ্ট্রেলিয়াত আৰু থাকিব বিচৰা নাই৷ সোনকালে ঘৰলৈ উভতি আহিব বিচাৰিছে৷ কিন্তু একে সময়তে সকলোৰে বাবে বিমানৰ টিকট পোৱাত সমস্যাৰ সৃষ্টি হৈছে৷ অষ্ট্রেলিয়াৰ পৰা একেলগে ঘূৰি আহিব পৰা নাই ভাৰতীয় দলটো৷ ক্রিকেটাৰসকলে পৃথকে পৃথকে ঘৰলৈ উভতি আহিছে৷ সোমবাৰে পুৱা কেইবাগৰাকীও জ্যেষ্ঠ ক্রিকেটাৰে স্বদেশলৈ ৰাওনা হয়৷ অৱশ্যে কোনকেইগৰাকী ক্রিকেটাৰ ঘৰলৈ উভতিছে, সেই কথা ঘোষণা কৰা নাই দলটোৱে৷ ভাৰতীয় দলৰ অধিকাংশ ক্রিকেটাৰ ১০ নৱেম্বৰত অষ্ট্রেলিয়ালৈ গৈছিল৷ প্রায় দুমাহ ধৰি ঘৰৰ পৰা আঁতৰি আছে৷ ভাৰতীয় দলটোৱে ৭,৭০০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্রম কৰিবলগীয়া হৈছিল৷ ক্লান্ত ক্রিকেটাৰসকলে সোনকালে ঘৰলৈ উভতি আহি জিৰণি ল’ব বিচাৰে৷ ভাৰতীয় দলৰ লজিষ্টিক মেনেজাৰে ক্রিকেটাৰৰ অনুৰোধৰ লগত খাপ খুৱাবলৈ অসুবিধা পাইছে৷ ক্রিকেটাৰসকলৰ ভ্রমণ আৰু থকাৰ ব্যৱস্থাৰ দায়িত্ব তেওঁৰ৷ তেওঁ সকলো ক্রিকেটাৰ একেলগে ঘূৰি অহাৰ ব্যৱস্থা কৰিব নোৱাৰিলে৷ কাৰণ ইমান কম সময়ৰ ভিতৰত কেতিয়াও একেলগে ইমানবোৰ টিকট পোৱা নাছিল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এজন বিষয়াই কয় যে দলটোৰ লজিষ্টিক মেনেজাৰে দ্রুত ব্যৱস্থা কৰাৰ চেষ্টা কৰিছে৷ টিকট পোৱাৰ লগে লগে ক্রিকেটাৰসকলে ঘৰলৈ উভতি অহাৰ বিমান ধৰিছে৷ বিচিচিআইৰ সূত্র অনুসৰি সকলোৱে একেলগে ঘূৰি আহিব পৰা নাই বাবে সুকীয়াকৈ টিকটৰ ব্যৱস্থা কৰা হৈছে৷ ক্রিকেটাৰ আৰু প্রশিক্ষকসকলে নিজৰ সুবিধা অনুসৰি ঘৰলৈ উভতি আহিব৷