প্রেমৰ প্রস্তাৱ প্রত্যাখ্যান কৰা ভাৰতীয় তৰুণীক জীৱন্তে কবৰ অষ্ট্রেলিয়াত
বিশেষ বাৰ্তা, ৭ জুলাই : এগৰাকী তৰুণীক জীৱন্তে কবৰ দিলে তৰুণে। প্রেমৰ প্রস্তাৱ ওভতাই দিয়া তৰুণীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিল ভাৰতীয় বংশোদ্ভৱ এজন যুৱকৰ বিৰুদ্ধে ৷ হত্যাৰ পূর্বে তৰুণীগৰাকীৰ দেহ তাঁৰেৰে বান্ধি পেলোৱা হয় ৷ তাৰ পাছত জীৱন্ত অৱস্থাত তৰুণীগৰাকীক কবৰ দি তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়ে যুৱকজনে ৷ নিহত ২১ বছৰীয়া যুৱতীগৰাকী নার্ছিঙৰ ছাত্রী আছিল ৷ অষ্ট্রেলিয়াৰ ছিডনীত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্রীগৰাকীক এনেদৰে হত্যা কৰা ঘটনাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে ভাৰতীয় মূলৰ অষ্ট্রেলিয়ান শিখ যুৱক টাৰিকজ্যোত সিঙক ৷ আৰক্ষীৰ জেৰাত অপৰাধৰ কথা স্বীকাৰ কৰিছে যুৱকজনে ৷ এই ঘটনাক লৈ সমগ্র অষ্ট্রেলিয়াত সৃষ্টি হৈছে চাঞ্চল্য ৷