নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেম নিবেদনৰ ক্ষেত্রত অষ্ট্রেলিয়াতকৈ আগত ভাৰতীয় পুৰুষ

🔹 ছ’চিয়েল মিডিয়াত বিদেশী তৰুণীৰ দাবী

নিউজ ডেস্ক, ১৭ অক্টোবৰ : প্রেম নিবেদনৰ ক্ষেত্রত অষ্ট্রেলিয়াৰ পুৰুষতকৈ ভাৰতৰ পুৰুষসকল বহুত আগত৷ ভাৰতলৈ আহি নিজৰ ডেটিঙৰ অভিজ্ঞতা ভাগ কৰি ল’লে অষ্ট্রেলিয়াৰ ছ’চিয়েল মিডিয়াৰ প্রভাৱী ব্রী ষ্টিলে৷ ২০২৩ চনৰ পৰা ভাৰতৰ বিভিন্ন স্থান ঘূৰি ফুৰিছে এই তৰুণীগৰাকী৷ ভাৰতীয় পুৰুষসকলৰ সৈতে ডেটিঙত অংশগ্রহণ কৰি নিজৰ দেশ অষ্ট্রেলিয়াৰ পুৰুষতকৈ ভাৰতৰ পুৰুষ সম্পূর্ণ ভিন্ন বুলি ইনষ্টাগ্রামৰ এটা ভিডিঅ’ত দাবী কৰিছে ব্রী ষ্টিলে৷ সুন্দৰী তৰুণী ষ্টিলে উল্লেখ কৰে যে অষ্ট্রেলিয়াৰ পুৰুষসকলে আড্ডাত বহি প্রেম নিবেদন কৰে৷ ইয়াক একঘেয়ামি কাৰবাৰ বুলি উল্লেখ কৰিছে ষ্টিলে৷ ভাৰতীয়সকলৰ প্রেম নিবেদন ফিল্মী কায়দাত হয় বুলি উল্লেখ কৰে তৰুণীজনীয়ে৷ ভিডিঅ’টোত তেওঁ কয় যে অষ্ট্রেলিয়াত কেতিয়াও তেনে কাম সম্ভৱ নহয়৷ ভাৰতৰ বিবাহ আৰু প্রেম বলীউডৰ দ্বাৰা প্রবলভাৱে প্রভাৱিত বুলি উল্লেখ কৰি ষ্টিলে কয় যে বহু ভাৰতীয় তৰুণে এনে আচৰণ কৰি থাকে যেন তেওঁলোকে চলচ্চিত্রৰ কোনো চিত্রনাট্য অনুসৰণ কৰিছে৷ এবাৰ এটা পার্টীত এজন তৰুণে তেওঁক হাতত ধৰি প্রেম নিবেদন কৰাৰ অভিজ্ঞতাৰ কথাও ব্রী ষ্টিলে ভিডিঅ’টোত উল্লেখ কৰিছে৷

You might also like