নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলদস্যুক ধৰাশায়ী ভাৰতীয় নৌসেনাৰ

🔹 দুদিন পিছত উদ্ধাৰ অপহৃত বাণিজ্যিক জাহাজ 

বিশেষ বাৰ্তা, ১৬ মাৰ্চ : যোৱা মঙলবাৰে বাংলাদেশৰ জাহাজ এম ভি আব্দুল্লা ছোমালি জলদস্যুৰ কবলত পৰিছিল। জলদস্যুই ভাৰত মহাসাগৰৰ পৰা বাণিজ্যিক জাহাজখন অপহৰণ কৰিছিল। জাহাজখনত থকা ২৩জন নাৱিকক পণবন্দী কৰি ৰাখিছিল ছোমালি জলদস্যুৰ দলটোৱে। এই খবৰ পাই ভাৰতীয় ৰণতৰী ততাতৈয়াকৈ জাহাজখন উদ্ধাৰত নামি পৰে। অৱশেষত অপহৰণৰ দুদিন পিছত ভাৰতীয় নৌসেনাৰ জোৱানে জলদস্যুক পৰাস্ত কৰি জাহাজখন উদ্ধাৰ কৰে। শুকুৰবাৰে এক্স হেণ্ডেলত নৌসেনাই জনায়- ১২ মাৰ্চত এম ভি জাহাজখন জলদস্যুই অপহৰণ কৰিছিল। ভাৰতীয় যুদ্ধ জাহাজে অপহৃত জাহাজখন উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতাৰে নামি পৰে। প্ৰথমে জাহাজখনৰ নাৱিকসকলৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰয়াস কৰা হৈছিল। কিন্তু কোনো কোনো সঁহাৰি পোৱা নগ’ল। ইয়াৰ পিছতে সমুদ্ৰত ব্যাপক তালাচী অভিযান আৰম্ভ হয়। অৱশেষত ১৪ মাৰ্চৰ পুৱা জলদস্যুৰ হাতৰ পৰা উদ্ধাৰ কৰা হয় জাহাজখন। ছোমালিয়াৰ উপকূলত ইয়াক বাধা দিয়া হৈছিল। তদুপৰি জলদস্যুৰ পৰা পণবন্দীসকলক সফলতাৰে মুক্ত কৰা হয়। তথ্য মতে, মঙলবাৰে জলদস্যুসকলে জাহাজখন ছোমালিয়াৰ ফালে নিজৰ গোপন ডেৰালৈ লৈ গৈ আছিল। এই জাহাজখনৰ মালিক বাংলাদেশৰ সংঘবদ্ধ কোম্পানী কবীৰ গ্ৰুপ। সেইদিনা সন্ধিয়া এম ভি আব্দুল্লাৰ নাৱিক আছিফুৰ ৰহমানে ফেচবুক পোষ্টত জাহাজখন হাইজেক কৰাৰ খবৰ দিয়ে। তেওঁ লিখে- “আমি ছোমালি জলদস্যুৰ আক্ৰমণৰ বলি হৈছোঁ। কিন্তু সকলো নিৰাপদ আৰু সুস্থ। আমাৰ বাবে প্ৰাৰ্থনা কৰক।” ঠিক তেতিয়াই ভাৰতীয় নৌসেনাই জাহাজখন উদ্ধাৰত নামি পৰে। মন কৰিবলগীয়া যে যোৱা মাহত ইৰানৰ চিহ্ন থকা এখন মাছ ধৰা জাহাজ ছোমালিয়াৰ পূব উপকূলত ছোমালি জলদস্যুই বন্দী কৰিছিল। এই খবৰ পোৱাৰ লগে লগে নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ছাৰ্দাই ইয়াক উদ্ধাৰত নামি পৰে। জাহাজখনত মুঠ ১৯জন পাকিস্তানী আৰু ইৰানী নাৱিক আছিল। কিন্তু সেনাই জলদস্যুক পৰাস্ত কৰি সকলোকে নিৰাপদে উদ্ধাৰ কৰে।

You might also like