মৃত্যুদণ্ডৰ শাস্তিৰ পৰা সকাহ ভাৰতীয় নৌসেনাৰ
বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ কাটাৰত চোৰাংচোৱাগিৰিৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা আঠজন ভাৰতীয় প্ৰাক্তন নৌসেনাই আজি ডাঙৰ সকাহ লাভ কৰে। ভাৰত চৰকাৰৰ আবেদনৰ অন্তত এই লোকসকলৰ মৃত্যুদণ্ড স্থগিত ৰখা হয়। এই ৮জন প্ৰাক্তন নৌসেনাৰ বিষয়াক ২০২৩ চনৰ ২৬ অক্টোবৰত মৃত্যুদণ্ড দিয়া হৈছিল। ইয়াৰ পিছত ৯ নৱেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই শাস্তিৰ বিৰুদ্ধে ভাৰত চৰকাৰে আপীল দাখিল কৰা বুলি কৈছিল, যিটো তাত থকা আদালতে মানি লৈছিল। আল-দাহৰা নামৰ কোম্পানী এটাত কৰ্মৰত এই ৮জন ভাৰতীয়ক যোৱা বছৰৰ আগষ্ট মাহত চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চলিত বৰ্ষৰ ২৫ মাৰ্চত এই আঠজন বিষয়াৰ বিৰুদ্ধে অভিযোগ ফ্ৰেমৱৰ্ক কৰা হৈছিল আৰু ২৬ অক্টোবৰত তেওঁলোকক মৃত্যুদণ্ড দিয়া হৈছিল শুনা গৈছিল।