নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ অফাৰ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ : হকীত বিশ্বকাপ জিকিলেই এক কোটিকৈ ভাৰতীয় খেলুৱৈলৈ

বিশেষ বাৰ্তা, ৭ জানুৱাৰীঃ বিশ্বকাপ জয় কৰিলেই ভাৰতীয় হকী দলৰ প্রতিগৰাকী খেলুৱৈয়ে এক কোটিকৈ টকা লাভ কৰিব৷ ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে এই কথা ঘোষণা কৰিছে৷ উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে ৰুৰকেল্লাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়াম চৌহদত বিশ্বকাপ হকী ভিলেজৰ উদ্বোধন কৰে৷ খেলুৱৈসকল থাকিবলৈ নির্মাণ কৰা এই ভিলেজ তৈয়াৰ কৰিবলৈ মাত্র ৯ মাহ সময়ৰ প্রয়োজন হৈছিল৷ এই বিশ্বকাপ ভিলেজত আছে ২২৫টা ভৱন৷ বিশ্বকাপ খেলিবলৈ অহা দলসমূহ এই ভিলেজতে থাকিব৷ গেম ভিলেজ উদ্বোধন কৰাৰ পিছত ভাৰতীয় হকী দলৰ খেলুৱৈ, প্রশিক্ষক আৰু সহায়ক ষ্টাফৰ সৈতে বার্তালাপত মিলিত হয় পাটনায়ক৷ সেই সময়তে তেওঁ সদৰী কৰে যে বিশ্বকাপ জয় কৰিলে ভাৰতীয় দলৰ প্রতিগৰাকী খেলুৱৈক এক কোটিকৈ টকা দিয়া হ’ব৷ তেওঁ দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷ ভাৰতীয় দলে এইবাৰ বিশ্বকাপ জয় কৰিব বুলি পাটনায়কে আশা প্রকাশ কৰিছে৷ ভাৰতীয় খেলুৱৈসকলেও হকীৰ উন্নয়নত ওড়িশা চৰকাৰে গ্রহণ কৰা ভূমিকাক প্রশংসা কৰে৷ উল্লেখ্য যে হকী বিশ্বকাপ ভুবনেশ্বৰ আৰু ৰুৰকেল্লাত অহা ১৩ৰ পৰা ২৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনত ১৬খন দেশে অংশগ্রহণ কৰিব৷ প্রথম দিনাই ভাৰতে স্পেইনৰ বিপক্ষে অৱতীর্ণ হ’ব৷ ১৫ জানুৱাৰীত ভাৰতে ইংলেণ্ডৰ বিপক্ষে খেলিব৷ আনহাতে ১৯ জানুৱাৰীত ৱেলছৰ সন্মুখীন হ’ব ভাৰত৷

You might also like