নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পণ্য ৰপ্তানিত বাংলাদেশৰ বাবে বন্ধ ভাৰতীয় বন্দৰ

🔹 প্রতিৱেশী দেশৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰ

নিউজ ডেস্ক, ১০ এপ্রিল : তৃতীয় কোনো দেশলৈ বাংলাদেশী কোনো পণ্য ৰপ্তানি কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতীয় বন্দৰ বা বিমানবন্দৰৰ শুল্ককেন্দ্র৷ শেহতীয়াকৈ এই সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰে৷ এই সন্দর্ভত এক বিবৃতিও প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই বিবৃতিত উল্লেখ কৰা হৈছে যে ৰপ্তানিৰ ক্ষেত্রত বাংলাদেশক পূর্বে দিয়া সুবিধা প্রত্যাহাৰ কৰা হৈছে৷ ইয়াৰ ফলত ভাৰতীয় ভূখণ্ডৰ কোনো বন্দৰ বা বিমানবন্দৰৰ শুল্ক কার্যালয় ব্যৱহাৰ কৰি তৃতীয় কোনো দেশলৈ পণ্য ৰপ্তানি কৰিব নোৱাৰিব বাংলাদেশে৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি প্রতিবেশী দেশখনক এই সুবিধা বন্ধ কৰি দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰক অনুৰোধ জনাইছিল ভাৰতীয় ৰপ্তানিকাৰক সংস্থাসমূহে৷ বিশেষকৈ বস্ত্র ৰপ্তানি সংস্থাৰ পক্ষৰ পৰা এই অনুৰোধ কৰা হৈছিল কেন্দ্রীয় চৰকাৰক৷ ২০২০ চনৰ জুন মাহৰ পৰা এই সুবিধা বাংলাদেশক প্রদান কৰি আহিছিল ভাৰতে৷ মূলতঃ ভূটান, নেপাল, ম্যানমাৰলৈ পণ্য ৰপ্তানিৰ ক্ষেত্রত এই সুবিধা লাভ কৰিছিল বাংলাদেশে৷

You might also like