নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত ২ ফৈদৰ গুলীৰ মাজত নিহত ভাৰতীয় ছাত্রী

🔹 উচ্চ শিক্ষাৰ বাবে দুবছৰ পূর্বে কানাডালৈ গৈছিল হৰছিমৰত

নিউজ ডেস্ক, ২০ এপ্রিল : গোষ্ঠীসংঘর্ষৰ মাজত পৰি কানাডাৰ ৰাস্তাত গুলীবিদ্ধ হৈ মৃত্যু হ’ল এগৰাকী ভাৰতীয় ছাত্রীৰ৷ বুধবাৰে সন্ধিয়া ৭.৩০ বজাত কলেজৰ পৰা ওলাই বাছ ধৰিবলৈ ৰাস্তাৰ কাষত অপেক্ষা কৰি আছিল ২১ বছৰীয়া হৰছিমৰত ৰান্ধৱাই৷ সেই সময়ত পথত দুটা গোষ্ঠীৰ মাজত গুলীচালনা আৰম্ভ হয়৷ তেতিয়াই এটা গুলী আহি হৰছিমৰতৰ বুকুত লাগে৷ ঘটনাস্থলীতে মৃত্যু হয় ভাৰতীয় ছাত্রীজনীৰ৷ ছাত্রীজনীৰ বাসগৃহ পঞ্জাবৰ তৰণ তাৰণ জিলাৰ ধুন্দা গাঁৱত৷ এক বিবৃতিত ছাত্রীজনীৰ পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে যে উচ্চ শিক্ষাৰ বাবে দুবছৰ পূর্বেই কানাডালৈ গৈছিল হৰছিমৰতে৷ অন্য দিনাৰ দৰে কলেজ শেষ হোৱাৰ পিছত পথৰ কাষত বাছৰ বাবে অপেক্ষা কৰিছিল ছাত্রীজনীয়ে৷ সেই সময়তে হঠাতে গুলীচালনা আৰম্ভ হয় দুটা ফৈদৰ মাজত৷ এই গুলীচালনাৰ ঘটনাত মৃত্যু হয় ছাত্রীজনীৰ৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ আৰক্ষীয়ে তাৎক্ষণিকভাৱে হৰছিমৰতক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

You might also like