এছিয়া কাপ : পাকিস্তানলৈ নাযায় ভাৰতীয় দল
বিশেষ বাৰ্তা, ১৩ জুলাইঃ আসন্ন এছিয়া কাপত অংশগ্রহণ কৰিবলৈ পাকিস্তানলৈ নাযায় ভাৰতীয় ক্রিকেট দল৷ ২১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপৰ সূচী আজি চূড়ান্ত হ’ল৷ ১৭ ছেপ্টেম্বৰলৈকে চলিবলগীয়া প্রতিযোগিতাখনৰ চাৰিখন মেচ পাকিস্তানত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৯খন মেচ শ্রীলংকাত অনুষ্ঠিত হ’ব৷ এছিয়া কাপৰ বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মেচখন শ্রীলংকাত খেলোৱা হ’ব বুলি আই পি এলৰ অধ্যক্ষ অৰুণ ধুমালে আজি সদৰী কৰিছে৷ ডাৰৱানত অনুষ্ঠিত আই চি চি চীফ এগজিকিউটিভ মীট (চিইচি)ত ভাগ ল’বলৈ যোৱা ধুমালে কয় যে আই চি চিৰ ব’ড বৈঠকৰ পূর্বে বি চি চি আইৰ সম্পাদক জয় শ্বাহ আৰু পি চি বিৰ অধ্যক্ষ জাকা আশ্রফ মিলিত হয় আৰু এছিয়া কাপৰ সূচী চূড়ান্ত কৰে৷ ধুমালে কয় যে পাক ব’ডৰ মুৰব্বীয়ে জয় শ্বাহক সাক্ষাৎ কৰে৷ পূর্বে আলোচনা কৰা অনুসৰি এছিয়া কাপৰ সূচী চূড়ান্ত হৈছে৷ পাকিস্তানত লীগ পর্যায়ৰ চাৰিখন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী ৯খন মেচ শ্রীলংকাত অনুষ্ঠিত হ’ব৷ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ দুয়োখন মেচ শ্রীলংকাত অনুষ্ঠিত হ’ব৷ যদি ভাৰত আৰু পাকিস্তান ফাইনেলত উপনীত হয়, তেতিয়াহ’লে উক্ত মেচখনো শ্রীলংকাতে খেলোৱা হ’ব৷ ইফালে, পাকিস্তানে নেপালৰ বিপক্ষে একমাত্র ঘৰুৱা মেচখনত ভাগ ল’ব৷