মহাকাশত ভাৰতৰ ‘চন্দ্রযান’–ৰাছিয়াৰ ‘লুনা’ৰ প্রতিযোগিতা
🔹 জোনবাইৰ দক্ষিণ মেৰুত প্রথমে অৱতৰণ কৰিব কাৰ যান?
বিশেষ বাৰ্তা, ১২ আগষ্ট : মহাকাশত প্রতিযোগিতা৷ অহা ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত কোন দেশে মহাকাশ যান অৱতৰণ কৰাই শেষ হাঁহি মাৰিব? এই প্রতিযোগিতা আৰম্ভ হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত৷ চন্দ্রৰ দক্ষিণ মেৰুত ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে মহাকাশ যান অৱতৰণ কৰোৱাৰ লক্ষ্যৰে যোৱা ২৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই চন্দ্রযান–৩ প্রেৰণ কৰিছে৷ এই চন্দ্রযান–৩য়ে ইতিমধ্যে চন্দ্রৰ কক্ষপথত দুটাকৈ জটিল পৰিক্রমা সুকলমে অতিক্রম কৰিছে৷ অহা ১৪ আগষ্টত আন এটি পৰিক্রমা সুকলমে অতিক্রম কৰিলেই ২৩ আগষ্টত চন্দ্রযান–৩ জোনবাইৰ দক্ষিণ মেৰুপৃষ্ঠত অৱতৰণ কৰিব৷ চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞান ২৩ আগষ্টৰ বিয়লি ৫.৩৭ বজাত অৱতৰণ কৰাব পাৰিলে মহাকাশ বিজ্ঞানত ইছৰ’ হ’ব এক নতুন অভিলেখ৷ ভাৰতে মহাকাশ গৱেষণাত নতুন ইতিহাস সৃষ্টিৰ লক্ষ্যৰে জোনবাইৰ বুকুলৈ চন্দ্রযান–৩ প্রেৰণ কৰাৰ ২৭ দিনৰ মূৰকত ৰাছিয়াই জোনবাইৰ দক্ষিণ মেৰুত অৱতৰণৰ বাবে প্রেৰণ কৰিলে লুনা– ২৫৷ ৰাছিয়াৰ মহাকাশ যানখন লুনা– ২৫ ভস্ত্রকনি কছম’ড্রমৰ পৰা জোনবাইলৈ প্রেৰণ কৰে ৷ ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত অৱতৰণৰ লক্ষ্যৰে প্রেৰণ কৰা যানখন ৫ দিনৰ ভিতৰত পৃথিৱীৰ পৰিক্রমা অতিক্রমি চন্দ্রৰ কক্ষপথত প্রৱেশ কৰিব৷ সকলো ঠিকে–ঠাকে থাকিলে লুনা–২৫ যানখন ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব৷ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা এই ২৩ আগষ্টতেই ভাৰতৰো চন্দ্রযান–৩ অৱতৰণ কৰিব৷ এই যান অৱতৰণৰ ক্ষেত্রত ভাৰত নে ৰাছিয়াই প্রথমে ইতিহাস গঢ়িব, তাক লৈ এতিয়া চর্চা চলিছে৷ উল্লেখ্য যে প্রায় ৫০ বছৰৰ মূৰকত ৰাছিয়াই চন্দ্রলৈ যান প্রেৰণ কৰিছে৷ ১৯৭৬ চনত ছোভিয়েট ইউনিয়নে চন্দ্রলৈ যান প্রেৰণ কৰি বিশ্বৰ তিনিখন দেশৰ ভিতৰত এখন হিচাপে ইতিহাস গঢ়িছে৷ এতিয়া ৰাছিয়াই পুনৰ চন্দ্রৰ বুকুলৈ মহাকাশ যান প্রেৰণ কৰিছে৷ অৱশ্যে প্রায় ৫০ বছৰৰ পূর্বে ছোভিয়েট ইউনিয়নে চন্দ্রৰ উত্তৰ মেৰুপৃষ্ঠত যান অৱতৰণ কৰাইছিল৷ জোনবাইৰ উত্তৰ মেৰুপৃষ্ঠত যান অৱতৰণ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ তিনিখন দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ইউনিয়ন আৰু চীন৷ ভাৰতে সফলতাৰে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত যান অৱতৰণ কৰিব পাৰিলে বিশ্বৰ চতুর্থ দেশ হিচাপে ইতিহাস গঢ়িব৷ এইক্ষেত্রত ভাৰতৰ এক নতুন অভিলেখ হ’ব এয়াই যে ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত যান অৱতৰণ কৰোৱাব৷ তাৎপর্যপূর্ণ যে ২০১৯ চনত ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱাৰ বাবে চন্দ্রযান–২ অভিযান চলাইছিল৷ ঘটনাক্রমে চন্দ্রৰপৃষ্ঠত অৱতৰণৰ কেইছেকেণ্ডমান পূর্বে যানখনৰ সৈতে ইছৰ’ৰ সংযোগ বিচ্ছিন্ন হৈ পৰে আৰু ইতিহাস গঢ়াত বিফল হয়৷ এইবেলি চন্দ্রযান–৩য়ে পৰিকল্পনা মতেই মহাকাশত পর্যায়ক্রমে পৰিক্রমা অতিক্রম কৰি গৈ আছে আৰু পৰিকল্পনা অনুযায়ীয়েই নির্ধাৰিত ২৩ আগষ্টত চন্দ্রযান–৩য়ে অভিলেখ গঢ়িব! কেৱল এটাই চর্চাৰ বিষয় হৈছে– ৰাছিয়াক অতিক্রমি ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশ যান অৱতৰণ কৰোৱা প্রথম দেশ হ’ব পাৰিবনে? মহাকাশ প্রতিযোগিতাত ইছৰ’ই শেষ হাঁহি মাৰিব পাৰিবনে?