নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত নিউজিলেণ্ডৰে ভাৰতৰ প্রথম টেষ্ট

🔹 প্রথম দিনৰ খেল পৰিত্যক্ত, নপৰিল এটাও বল

নিউজ ডেস্ক, ১৬ অক্টোবৰ : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ প্রথমখন টেষ্টৰ প্রথম দিনাই বৰষুণৰ বিধি-পথালি৷ বেংগালুৰুত আজিৰে পৰা শৃংখলাৰ প্রথমখন টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মঙলবাৰৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে টেষ্টখনৰ আজি প্রথম দিনা এটাও বল খেলাটো সম্ভৱপৰ হৈ নুঠিল৷ আজি পুৱাৰে পৰা পুনৰ হোৱা ধাৰাসাৰ বৰষুণৰ বাবে টেষ্টখনৰ টছ কৰাটোও সম্ভৱপৰ হৈ নুঠিল৷ দুুপৰীয়াৰ আহাৰ আৰু চাহ বিৰতিৰ পিছত আজিৰ প্রথম দিনৰ খেল পৰিত্যক্ত বুলি ঘোষণা কৰে আম্পায়াৰে৷ উল্লেখ্য যে বেংগালুৰু টেষ্টৰ আটাইকেইটা দিনতে বৰষুণে বিধি-পথালি দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ বেংগালুৰুৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, টেষ্টখনৰ কাইলৈ দ্বিতীয় দিনাও বৰষুণৰ সম্ভাৱনা ৪০ শতাংশ৷ শুকুৰবাৰেও বৰষুণৰ পৰিমাণ ৬৭ শতাংশলৈ বৃদ্ধি পাব৷ অৱশ্যে শনিবাৰে বৰষুণৰ সম্ভাৱনা কম আছে যদিও উক্ত দিনটোত বৰষুণৰ সম্ভাৱনা ২৫ শতাংশ৷ আনহাতে, দেওবাৰৰ পঞ্চম তথা অন্তিম দিনাও বৰষুণৰ পৰিমাণ ৪০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ উল্লেখ্য যে টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত সদ্য সমাপ্ত দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ কানপুৰত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত বৰষুণে বিধি-পথালি দিছিল৷ বৰষুণৰ বাবে উক্ত টেষ্টখনত দুদিনহে খেল খেলাটো সম্ভৱপৰ হৈছিল যদিও উক্ত টেষ্টখনত ভাৰতীয় দলটোৱে নাটকীয়ভাৱে জয়লাভ কৰিছিল৷ ইপিনে, কিছুদিন পূর্বে গ্রেটাৰ নয়দাত নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত একমাত্র টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে এটা দিনৰো খেল খেলাটো সম্ভৱপৰ হৈ নুঠিল৷

You might also like