আৰবতো ভাৰতৰ ইউ পি আই
🔴 দেশীয় মুদ্ৰাৰ পৰিসৰ বৃদ্ধিৰ বাবে দুয়োখন দেশৰ চুক্তি
বিশেষ বাৰ্তা, ১৬ জুলাই : সংযুক্ত আৰব আমিৰশ্বাহীৰ কেন্দ্ৰীয় বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশৰ বেংক মুৰব্বীসকলে সীমান্তৰ সিপাৰে ভাৰতীয় আৰু আৰব মুদ্ৰা ব্যৱহাৰ কৰি ডিজিটেল লেনদেন চলাবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। দেশীয় মুদ্ৰাৰ পৰিসৰ বৃদ্ধিৰ বাবেই দুয়োখন দেশৰ এই চুক্তি। শনিবাৰে আৰবত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই চুক্তিখন তেওঁৰ সন্মুখতে স্বাক্ষৰিত হয়। ভাৰতে আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিভিন্ন দেশৰ মুদ্ৰাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। সেই উদ্দেশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰবৰ কেন্দ্ৰীয় বেংকৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰিছে। ধাৰণা কৰা হৈছে যে যদি আপুনি নিজৰ দেশৰ মুদ্ৰা ব্যৱহাৰ কৰে, তেন্তে আৰ্থিক লেনদেন কম সময়তে হ’ব আৰু লগতে খৰচো কম হ’ব। ইউ এ ইত বসবাস কৰা বৃহৎসংখ্যক ভাৰতীয়ই এই নতুন ব্যৱস্থাৰ দ্বাৰা উপকৃত হ’ব। জনা মতে, ভাৰতৰ ইউ পি আই আৰু আৰব আই পি পিৰ মাজত সংযোগ থাকিব। কেৱল অনলাইন লেনদেনে নহয়, দুয়োখন দেশৰ ক্ৰেডিট কাৰ্ডো একেলগে ব্যৱহাৰ কৰিব পাৰিব। সাধাৰণ মানুহৰ লগতে ব্যৱসায়ীসকলো এই নতুন ব্যৱস্থাৰ দ্বাৰা উপকৃত হ’ব। নতুন ব্যৱস্থাই বিদেশৰ মাটিত বিনিয়োগৰ পৰা আৰম্ভ কৰি ব্যৱসায় বিয়পোৱালৈকে সকলো কাম ক্ষিপ্ৰ কৰিব। উল্লেখ্য যে শনিবাৰে মোদীয়ে ছৌদি আৰবত উপস্থিত হৈ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকৰ আলোচনাৰ অন্তত সংযুক্ত আৰব আমিৰশ্বাহীৰ কেন্দ্ৰীয় বেংকৰ মুৰব্বীগৰাকীয়ে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।