নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিৰক্ষা মন্ত্ৰালয়ত তিনি ঘণ্টীয়া বৈঠক,  পেহেলগামৰ প্ৰতিশোধ পূৰণৰ পূৰ্ণ আখৰা

নিউজ ডেস্ক, ২৩ এপ্রিলঃ সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণত ৰক্তাক্ত ভূস্বর্গ কাশ্মীৰ৷ প্রকৃতিৰ অপৰূপ সৌন্দর্য উপভোগেৰে হাঁহি–ধেমালি কৰি থকা সময়তে সন্ত্রাসবাদীৰ গোট এটাই জম্মু–কাশ্মীৰৰ পেহেলগামত পর্যটকৰ ওপৰত জধেমধে গুলীচালনা কৰে৷ সেনাৰ পোছাক পৰিহিত সন্ত্রাসবাদীৰ এই নৰসংহাৰত দেশী–বিদেশী  ২৮ পর্যটকে প্রাণ হেৰুৱায়৷ ২–৩জনীয়া সন্ত্রাসবাদীৰ গোট এটাই পর্যটকে বাহৰ পতা ৰিজ’টত প্রৱেশ কৰি প্রথমে পর্যটকৰ পৰা পৰিচয় বিচাৰে৷ কি ধর্মৰ সেয়াও জানি লৈ পাছলৈ জধেমধে গুলীচালনা কৰে৷ সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীচালনাত দুই বিদেশীসহ ২৮ পর্যটকে প্রাণ হেৰুওৱাৰ বিপৰীতে ডজনতকৈ অধিক পর্যটক আহত হৈছে৷ নিহতৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়াও আছে৷ পেহেলগামৰ বাইচৰানৰ ৰিজ’ট এখনত ভূস্বর্গৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰি পৰিয়ালৰ সৈতে হাঁহি–ধেমালি কৰি থাকোঁতেই সন্ত্রাসবাদীৰ গোট এটাই পর্যটকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে৷ সন্ত্রাসবাদীৰ এই আক্রমণত দেশৰ বিভিন্ন প্রদেশৰ বিশেষকৈ গুজৰাট, কর্ণাটক, তামিলনাডু, মহাৰাষ্ট্র, ওড়িশাকে ধৰি কেইবাখনো ৰাজ্যৰ পর্যটক বলি হৈছে৷ পর্যটকৰ ওপৰত সন্ত্রাসবাদীৰ গোট এটাই ৩–৫ মিনিট ধৰি জধেমধে গুলীচালনা কৰি উক্ত অঞ্চলৰ পৰা নির্বিঘ্ণে আঁতৰি যায়৷ এই গুলীচালনাৰ ফলত কেইবাজনো পর্যটক হতাহত হৈছে৷ আহতসকলক অনন্তনাগ জিলা হাস্পতালত ভর্তি কৰোৱা হৈছে৷ সন্ত্রাসবাদীয়ে আক্রমণ কৰি পলাই যোৱা ঘটনাস্থলীত ইতিমধ্যে সেনা আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ উক্ত অঞ্চলত আক্রমণকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় সেনাৰ ভিক্টৰ ফ’ৰ্চ, স্পেচিয়েল ফ’ৰ্চ, জেকেপিএছ’ডি আৰু চিআৰপিএফৰ ১১৬ বেটেলিয়নে যৌথভাৱে আক্রমণকাৰীক বিচাৰি অঞ্চলটোত অভিযান তীব্রতৰ কৰি তুলিছে৷ সন্ত্রাসবাদীৰ আক্রমণৰ বলি হোৱা পর্যটকে দাবী কৰা মতে সন্ত্রাসবাদীকেইটাই ওচৰলৈ আহি প্রথমে তেওঁলোকক হিন্দু নে মুছলমান বুলি সোধে আৰু ইয়াৰ পিছতেই ধর্ম সন্দর্ভত নিশ্চিত হৈ জধেমধে গুলীয়াবলৈ ধৰে৷ মহিলা পর্যটক এগৰাকীয়ে আক্রমণৰ পূর্বে সন্ত্রাসবাদীয়ে তেওঁৰ ধর্মৰ পৰিচয় সুধি স্বামীক গুলীয়াই হত্যা কৰে বুলি আৰক্ষীৰ আগত প্রকাশ কৰিছে৷ আৰক্ষীয়ে আহতসকলৰ তালিকা প্রকাশ কৰিছে৷ সন্ত্রাসবাদী আক্রমণত আহত হোৱা লোকসকলৰ ভিতৰত গুজৰাটৰ বিনো ভাট, মাণিক পাটিল আৰু বিনো পাণ্ডে, মহাৰাষ্ট্রৰ এছ বালাচান্দ্রো আৰু ড০ পৰমেশ্বৰ, কর্ণাটকৰ অভি জাৱন ৰাও, অভিজাৱম ৰাও, তামিলনাডুৰ ছাণ্ড্রু, ওড়িশাৰ শশী কুমাৰী বুলি চিনাক্ত কৰিছে৷ ইপিনে, এই আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবাৰ অধীনৰ সন্ত্রাসবাদী সংগঠন এলটিআৰএফে৷ শেহতীয়া তথ্য মতে আহতৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক৷ আনপিনে, জম্মু–কাশ্মীৰৰ পেহেলগামত পর্যটকৰ ওপৰত সন্ত্রাসবাদীৰ আক্রমণক গৰিহণা জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আক্রমণকাৰীক কোনো কাৰণে ৰেহাই দিয়া নহ’ব বুলি প্রকাশ কৰিছে৷ প্রধানমন্ত্রীগৰাকীয়্ এই আক্রমণৰ পাছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে টেলিফোনিক বার্তালাপ কৰি আক্রমণকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ তথ্য মতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্রীৰ নির্দেশত শ্রীনগৰত উপস্থিত হয়। আনপিনে, কেন্দ্রীয়শাসিত অঞ্চলটোৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই আক্রমণকাৰীক জন্তু আখ্যা দি এনে আক্রমণক কাপুৰুষালি বুলি কৈ কঠোৰ ভাষাৰে গৰিহণা দিছে৷ পেহেলগামত সন্ত্রাসবাদীৰ কাপুৰুষালি আক্রমণক কঠোৰ ভাষাৰে গৰিহণা জনাইছে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ সন্ত্রাসবাদীয়ে দিন–দুপৰতে পর্যটকৰ ওপৰত ভয়াৱহ আক্রমণৰ প্রতিবাদ সাব্যস্ত কৰিছে বজৰং দলে৷ জম্মুত বজৰং দলে আজি বিয়লি সন্ত্রাসবাদীৰ আক্রমণক গৰিহণা দি প্রতিবাদী সমদল উলিয়ায়৷ উল্লেখ্য যে বিশেষ তথ্যত প্রকাশ পোৱা মতে, পাকিস্তানী সন্ত্রাসবাদী সংগঠনৰ সদস্যই এপ্রিল মাহৰ প্রথম সপ্তাহত কাশ্মীৰৰ বিভিন্ন পর্যটনস্থলী পর্যবেক্ষণ কৰিছিল৷ আনকি পর্যটকৰ সমাগম বৃদ্ধি পাবলগীয়া পর্যটনস্থলীত জৰীপ চলাইছিল৷ ১ এপ্রিলৰ পৰা কাশ্মীৰৰ বিভিন্ন পর্যটনস্থলীৰ জৰীপ চলাইছিল পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাই৷ এই নিষিদ্ধ সংগঠনটোৰ অধীনৰ টিআৰএফেই পর্যটকৰ ওপৰত নৰসংহাৰ চলায়৷ সন্ত্রাসবাদীৰ আক্রমণৰ পৰা বাচিবলৈ সক্ষম হোৱা এগৰাকী পর্যটকে প্রকাশ কৰা মতে, দুই–তিনিজনীয়া দল এটাই পর্যটকে বাহৰ পতা ৰিজ’ৰ্টলৈ আহে৷ দলটোৱে প্রথমে পর্যটকৰ পৰিচয়পত্র বিচাৰে আৰু ইয়াৰ পাছতেই জধে–মধে গুলীয়াবলৈ ধৰে৷

You might also like