নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ পৰা অৰুণাচল প্রদেশ সীমান্তলৈ ভাৰতৰ লেণ্ডমাইন সংস্থাপন

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ আগ্রাসী চীনক নাকী লগাবলৈ নতুন দিল্লীয়ে কৌশলগতভাৱে সময়োপযোগী ব্লুপ্রিণ্ট যুগুতাই উলিয়াইছে৷ সততে সীমান্ত অতিক্রমী শক্তি প্রদর্শন কৰি অহা চীনৰ পিপলছ লিবাৰেচন আর্মীৰ (পি এল এ)বাবে এতিয়া কার্যতঃ নতুন বিপদ৷ লাডাখৰ পশ্চিম সীমান্তৰ পৰা অৰুণাচল প্রদেশৰ পূব সীমান্তলৈকে ভাৰতে এতিয়া লেণ্ডমাইন সংস্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ লেণ্ডমাইন অর্থাৎ মাটিৰ তলত পুঁতি থোৱা বিস্ফোৰক, য’ত ভৰি পৰিলেই বিস্ফোৰণত চীনা সৈন্যৰ প্রাণহানি হোৱাটো নিশ্চিত৷

আনহাতে ভাৰত–চীনৰ প্রকৃত সীমান্তত লেণ্ডমাইন সংস্থাপনৰ বাতৰিয়ে পি এল এক সংযত থাকিবলৈ বাধ্য কৰাব৷ ভাৰতীয় সেনাবাহিনী সূত্রত সুদূৰপ্রসাৰী এই আঁচনিৰ কথা প্রকাশ পাইছে৷ বাস্তৱত ভাৰতে লাডাখ সীমান্তৰ কেইবাঠাইত ইতিমধ্যে মাইন সংস্থাপিত কৰাৰ নিশ্চিত বাতৰি পোৱা গৈছে৷ এই প্রতিবেদকে ভাৰতীয় সেনা বাহিনীৰ শীর্ষস্থানীয় এজন বিষয়াৰ সৈতে যোগাযোগ স্থাপন কৰাত প্রথমবাৰৰ বাবে পোহৰলৈ আহে যে ৰঙা চীনক শিক্ষা দিবলৈ ভাৰত–চীন সীমান্তত লেণ্ডমাইন সংস্থাপনৰ কাম আৰম্ভ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা সেনা বাহিনীক এইক্ষেত্রত সেউজ সংকেত প্রদান কৰা হৈছে৷ আপাততঃ সীমান্তৰ বিবদমান স্থানসমূহক বাদ দি মাইন সংস্থাপনৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ কোৱা হৈছে লাডাখৰ উত্তৰ–পশ্চিম সীমান্তৰ পৰা অৰুণাচল প্রদেশৰ পূব সীমান্তলৈকে প্রকৃত নিয়ন্ত্রণৰেখাত ঠায়ে ঠায়ে লেণ্ডমাইন সংস্থাপন কৰা হ’ব৷ ড্রেগন বাহিনীয়ে এলএচি অতিক্রম কৰি ভাৰত ভূখণ্ডত প্রৱেশৰ চেষ্টা কৰা মাত্রেই বিস্ফোৰণত উফৰি যাব শত্রুপক্ষ৷ পিছে সীমান্তত লেণ্ডমাইন সংস্থাপন কৰাৰ আঁচনি ভাৰতে প্রথমবাৰৰ বাবে পাকিস্তান সীমান্তত প্রয়োগ কৰিছিল৷ যোৱা বছৰ অর্থাৎ অক্টোবৰ মাহত ইয়াৰ বাবে ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা ১০ লাখ লেণ্ডমাইনৰ অর্ডাৰ দিয়া হৈছিল৷

লক্ষণীয়ভাৱে ইমান দিন সেনাবাহিনীৰ বাবে লেণ্ডমাইন প্রস্তুত কৰাৰ দায়িত্ব কেন্দ্রীয় প্রতিৰক্ষা বাহিনীৰ অধীনস্থ অর্ডিনেন্স ফেক্টৰী ব’ডক অর্পণ কৰি অহা হৈছিল যদিও প্রথমবাৰৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে দেশৰ বেচৰকাৰী সংস্থাসমূহক লেণ্ড মাইন প্রস্তুত কৰাৰ দায়িত্ব প্রদান কৰিছিল৷ ইমান বৃহৎ সংখ্যক লেণ্ড মাইন অর্ডিনেন্স ফেক্টৰী ব’ডৰ দ্বাৰা প্রস্তুত সম্ভৱ নহ’ব বুলি ভাবিয়েই বেচৰকাৰী সংস্থাক সামৰি লোৱা হৈছিল বুলি ভাৰতীয় সেনাবাহিনীৰ শীর্ষ বিষয়াজনে জানিবলৈ দিয়ে৷ সেই সময়ত মূলতঃ পাকিস্তান সীমান্তত সন্ত্রাসবাদী অনুপ্রৱেশকাৰীক প্রতিহত কৰাৰ বাবেই এই অর্ডাৰ আগবঢ়োৱা হৈছিল৷ কিন্তু এতিয়া এই লেণ্ড মাইনসমূহ চীন সীমান্তত সংস্থাপন কৰাটো সময়ৰ প্রয়োজন হৈ পৰা বুলি তেওঁ মত ব্যক্ত কৰে৷ কোৱা হৈছে সীমান্তত সংস্থাপন কৰাৰ বাবে এক বিশেষ প্রকাৰৰ লেণ্ডমাইনৰ অর্ডাৰ পেছ কৰা হৈছিল৷ ভাৰত–চীন সীমান্তত ব্যৱহাৰ কৰিবলগীয়া মাইনসমূহ হৈছে এণ্টি–পার্ছনেল নন মেটেলিক মাইন৷

পিছে ভাৰত–চীন সীমান্তত মুঠ কিমানসংখ্যক লেণ্ড মাইন সংস্থাপন কৰা হ’ব তাৰ কোনো সঠিক পৰিসংখ্যা দাঙি ধৰিব পৰা নাই সেনা বিষয়াজনে৷ কেৱল কোৱা হৈছে এবাৰ লেণ্ডমাইন পুতি থোৱাৰ পিছত ১০ বছৰলৈকে সীমান্তত মাইনবোৰ সক্রিয় হৈ থকিব৷ মন কৰিবলগীয়া যে মানৱিক কাৰণত ৰাষ্ট্রসংঘৰ তৰফৰ পৰা বিশ্বজুৰি লেণ্ডমাইন ব্যৱহাৰৰ বিৰুদ্ধে দীর্ঘদিন ধৰি প্রচাৰ চলাই অহা হৈছে যদিও কোৰিয়ান উপদ্বীপৰ পিছত ভাৰতেই হৈছে সর্বাধিক লেণ্ডমাইন ব্যৱহাৰকাৰী বিশ্বৰ দ্বিতীয়খন দেশ৷ বাস্তৱত ভাৰতে ইয়াৰ ফলো ভোগ কৰিবলগীয়া হৈছে৷ ২০০১ চনত সংসদ আক্রমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ‘পৰাক্রম অপাৰেচন’ৰ কালছোৱাত ভাৰত–পাকিস্তান সীমান্তত মাইন সংস্থাপন কৰিবলৈ গৈ দুর্ঘটনাবশতঃ ভাৰতৰ শতাধিক সৈন্যই প্রাণ হেৰুৱাইছিল৷

You might also like