নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বংগোপ সাগৰত ভাৰত–ৰাছিয়াৰ নৌসেনাৰ অনুশীলন

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: আগন্তুক ৪ আৰু ৫ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাই ৰুছ নৌসেনাৰ সৈতে বংগোপসাগৰত দুদিনীয়াকৈ চলাব বৃহৎ এক সামৰিক অনুশীলন৷ ‘পাছেক্স এক্সাৰচাইজ’ হিচাপে পৰিচিত এই অনুশীলনত দুয়োখন দেশৰ নৌ বাহিনীয়ে বিভিন্ন সমৰ কৌশল প্রদর্শন কৰিব৷ দুই দেশৰ নৌসেনাৰ এই অনুশীলন পূর্বে ৰাছিয়াৰ ভ্লাডিভ’ষ্টক চহৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড–১৯ সংকটৰ বাবে ইয়াক পিছুৱাই দিয়া হয়৷

কেন্দ্রীয় চৰকাৰৰ এক সূত্রই সদৰী কৰা অনুসৰি ৰাছিয়া আৰু ভাৰতত নৌসেনাৰ সামুদ্রিক যুদ্ধত বৃহৎ শক্তিক প্রতিহত কৰাৰ সক্ষমতা আছে৷ এই অনুশীলনত ৰাছিয়া–ভাৰতে কেইবাখনো ডেষ্ট্র’য়াৰ, ৰণতৰী, ফ্রিগেট তথা টেংকো ব্যৱহাৰ কৰিব৷

You might also like