পাটৰ সাজ পৰিধান কৰি ‘কাঁ’ত ভুমুকি মাৰিলে ব্রিটিছ সুন্দৰীয়ে
নিয়মীয়া বাৰ্তা, ২২ মে’: বিশ্ব দৰবাৰত জিলিকিল অসমৰ গৌৰৱ পাটৰ সাজ৷ সন্মানীয় ‘কাঁ’ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত পাটৰ সাজ পৰিধান কৰি ভুমুকি মাৰিলে ব্রিটিছ সুন্দৰীয়ে৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত খ্যাতনামা ব্রিটেইনৰ টপ মডেল ইনগ্রিড ইলজিনে অসম তথা অসমীয়াৰ ঐতিহ্য পাটেৰে প্রস্তুত কৰা ৰঙা ৰঙৰ পোছাক পৰিধান কৰি কাঁ চলচ্চিত্র মহোৎসৱৰ ৰেড কার্পেটত কেটৱাক কৰা পৰিলক্ষিত হয়৷
ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কেইবাখনো ফেশ্বন শ্ব’ত অংশগ্রহণেৰে অসমলৈ সুনাম কঢ়িয়াই অনা প্রখ্যাত ডিজাইনাৰ সংযুক্তা দত্তই মডেলগৰাকীয়ে পৰিধান কৰা পোছাক প্রস্তুত কৰিছে৷ অসমৰ পাটৰ সাজ পৰিধান কৰা ইনগ্রিড ব্রিটেইনৰ টপ মডেলসকলৰ ভিতৰত অন্যতম৷ তদুপৰি তেওঁ মিছ ফিল্ম ফেষ্টিভেল ইণ্টাৰনেচনেল প্রতিযোগিতাৰ বিজয়ী৷
টপ মডেলগৰাকীয়ে সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেড কার্পেটত কেটৱাক কৰাৰ সময়ত সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ কাঁ চলচ্চিত্র মহোৎসৱত অংশগ্রহণকাৰী মডেল আৰু অভিনেত্রী, অভিনেতাসকলৰ ফটো উঠোৱাৰ বাবে ৰৈ থকা শতাধিক ফটোগ্রাফাৰেও পাটৰ সাজ পৰিধান কৰা মডেলগৰাকীৰ ফটো উঠাবলৈ হেতা–ওপৰা লগায়৷ কেইবাবাৰো ফটোগ্রাফাৰসকলৰ সন্মুখত ৰৈ ৰৈ প’জ দিবলগীয়া হয় ইনগ্রিডে৷ লক্ষণীয় যে যোৱা ১৭ মে’ৰ পৰা ফ্রান্সত কাঁ চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হৈছে৷ য’ত বিশ্বৰ খ্যাতনামা, প্রযোজক, পৰিচালক, অভিনেতা, অভিনেত্রী আদিকে ধৰি কলা–কুশলীসকলে অংশগ্রহণ কৰিছে৷
ছবি মহোৎসৱখনত এইবাৰ ‘কাউণ্ড্রী অৱ অনাৰ’ৰ সন্মান আগবঢ়োৱা হৈছে ভাৰতক৷ ইয়াৰ অংশ হিচাপে কেইবাখনো ভাৰতীয় ছবিৰ লগতে অসমৰ দুখন ছবি ক্রমে বাঘজান আৰু বুম্বা ৰাইড ‘কাঁ’ চলচ্চিত্র মহোৎসৱত প্রদর্শন কৰাৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ লগতে পাটৰ সাজ পৰিধান কৰি ‘কাঁ’ত ব্রিটিছ টপ মডেলৰ ভুমুকি মৰা কার্যই অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে৷