নৌসেনাক প্রদান নতুন ৰণতৰী আইএনএছ আর্নালা
🔹 নৌসেনাক প্রদান নতুন ৰণতৰী আইএনএছ আর্নালা
🔹 পাকিস্তান–চীনৰ বিৰুদ্ধে পুনৰ শক্তি প্রদর্শন ভাৰতৰ !
নিউজ ডেস্ক, ১৯ জুন : পাকিস্তান–চীনৰ বিৰুদ্ধে এইবাৰ পুনৰ শক্তি প্রদর্শন ভাৰতৰ ! দেশীয় প্রযুক্তিৰে নির্মিত ছাবমেৰিন বিধ্বংসী ৰণতৰী আইএনএছ আর্নালা ওপঙিল বংগোপসাগৰত৷ কালি অন্ধ্রপ্রদেশৰ বিশাখাপট্টনম নৌঘাটিত আনুষ্ঠানিকভাৱে ভাৰতীয় নৌসেনাৰ সৈতে যুক্ত হ’ল কর্ভেট শ্রেণীৰ এই যুদ্ধ জাহাজ৷ এই কর্মসূচীত উপস্থিত আছিল সেনাৰ সর্বাধিনায়ক জেনেৰেল অনিল চৌহান৷
প্রতিৰক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে অগভীৰ পানীত চলাচলৰ ক্ষমতাসম্পন্ন এনে ৰণতৰী প্রথমবাৰলৈ ভাৰতত নির্মাণ কৰা হৈছে৷ সূত্রই সদৰী কৰা অনুসৰি, বংগোপসাগৰ আৰু ভাৰত মহাসাগৰত চীনা ছাবমেৰিনৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ নৌসেনাই ব্যৱহাৰ কৰিব আইএনএছ আর্নালা৷ বিশেষকৈ ম্যানমাৰৰ উপকূলৱর্তী অঞ্চলত চীনা ছাবমেৰিনৰ গতিবিধিত নজৰ ৰাখিবলৈ ‘ছোনাৰ’সহ বিভিন্ন অত্যাধুনিক সৰঞ্জাম ৰখা হৈছে আইএনএছ আর্নালাত৷ ছাবমেৰিন বিধ্বংসী এই ৰণতৰী নির্মাণ কৰিছে কলকাতাৰ ‘গার্ডেনৰিছ শ্বিপ বিল্ডার্ছ এণ্ড ইঞ্জিনীয়াৰছ লিমিটেড’–এ৷ ছোভিয়েট ইউনিয়নৰ সময়ৰ ‘পেটিয়া’ শ্রেণীৰ ছাবমেৰিন বিধ্বংসী ফ্রিগেটৰ অনুকৰণত নির্মাণ কৰা হৈছে এই উন্নত প্রযুক্তিৰ আইএনএছ আর্নালা৷ ৭৭ মিটাৰ দৈর্ঘ্যৰ ১৪৯০ টন ওজনৰ এই যুদ্ধজাহাজ ‘ডিজেল ইঞ্জিন–ৱাটাৰজেট প্রপালছন ছিষ্টেম’–ৰ দ্বাৰা চালিত৷ গতিকে শত্রুৰ যুদ্ধজাহাজ বা ছাবমেৰিন যাব নোৱাৰা অগভীৰ পানীতো চলাচল কৰিব পাৰে এই ৰণতৰীয়ে৷ ভাৰতীয় নৌসেনাৰ বাবে এয়া এক অন্যতম শক্তি হিচাপে চিহ্ণিত কৰিছে৷
লক্ষণীয়ভাৱে আইএনএছ আর্নালাই হৈছে ভাৰতীয় নৌসেনাৰ ডিজেল ইঞ্জিন–ৱাটাৰজেট প্রপালছন ছিষ্টেম পৰিচালিত প্রথমখন বৃহত্তম ৰণতৰী৷ ইয়াৰ পূর্বে দেশীয় প্রযুক্তিৰে নির্মিত এনে ৰণতৰী নাছিল ভাৰতৰ৷ গতিকে প্রতিৰক্ষা ক্ষেত্রত এয়া এক নতুন মাইলফলক হিচাপে চিহ্ণিত হৈছে৷