ত্রিৰংগ পতাকাক অপমান ! বাংলাদেশৰ ৰোগীৰ চিকিৎসা নচলায় কলকাতাই
নিউজ ডেস্ক, ১ ডিচেম্বৰ : বাংলাদেশত প্রতিবাদৰ সময়ত ভাৰতীয় পতাকাক অপমান কৰাৰ বাবে কলকাতাৰ চিকিৎসালয়সমূহে বাংলাদেশৰ ৰোগীৰ চিকিৎসা নচলায়৷ কলকাতাৰ জেএন ৰয় হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰা মতে, বাংলাদেশী নাগৰিকে ভাৰতীয় পতাকাক অপমান কৰাৰ বাবে দেশখনৰ ৰোগীৰ চিকিৎসা কলকাতাত নিষিদ্ধ কৰা হৈছে৷ হাস্পতাল কর্তৃপক্ষই বিবৃতিযোগে প্রকাশ কৰা মতে অনির্দিষ্টকাললৈকে কলকাতাৰ চিকিৎসালয়সমূহত কোনো বাংলাদেশী ৰোগীক চিকিৎসা চলোৱা নহয়৷ ভাৰতৰ প্রতি দেশখনৰ নাগৰিকে দেখুওৱা মনোভাবৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ উল্লেখ্য যে বাংলাদেশত হিন্দুৰ ওপৰত চলোৱা নির্যাতনৰ বিৰুদ্ধে প্রতিবাদৰ প্রসংগ উল্লেখ কৰি কলকাতাৰ সকলো চিকিৎসালয়ত বাংলাদেশৰ ৰোগীক ভর্তি নকৰিবলৈ আহ্বান জনোৱা হৈছে৷