পেল’ছি–মেক্ক’নেলৰ বাসগৃহত দুর্বৃত্তৰ আক্রমণ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ আমেৰিকাৰ কংগ্রেছৰ অধ্যক্ষা নানচি পেল’ছি আৰু ছিনেইটৰ নেতা মীটছ মেক্ক’নেলৰ বাসগৃহ দুষৃকতিকাৰীয়ে বিকৃত কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ ডেম’ক্রেট নেত্রী পেল’ছিৰ কেলিফ’র্নিয়াস্থিত বাসভৱনৰ বাহিৰৰ দেৱালত দুষৃকতিকাৰীয়ে নকল তেজ ছটিয়াই যোৱাৰ উপৰি গাহৰিৰ কটা মূৰ পেলাই থৈ গৈছে৷ ইফালে, ঘৰৰ বাহিৰৰ দেৱালৰ ছবি বিকৃত কৰি তাত ‘হোৱেৰ ইজ মাই মানী’ বুলি লিখি থৈ গৈছে দুষৃকতিকাৰীয়ে৷ ইফালে ৰিপাব্লিকান নেতা তথা ছিনেটৰ মুৰব্বী মেক্ক’নেলৰ কেণ্টাকিস্থিত বাসভৱনতো অনুৰূপ ধৰণে আক্রমণ চলাইছে অচিনাক্ত লোকে৷ ক’ৰোনা ভাইৰাছৰ সাহায্য পেকেজক লৈ আমেৰিকাত চলি থকা বিতর্কৰ মাজতেই এই ঘটনা সংঘটিত হোৱাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷