নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ জিলিকনি

অৱশেষত ভাৰতত ক’ৰোনা মহামাৰীৰ দুুবিধ প্রতিষেধক ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ৰ বাবে প্রয়োজনীয় অনুমতি প্রদান কৰা হ’ল৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে সেউজ সংকেত দিয়াৰ পিছত দেওবাৰে ‘ক’ভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ নামৰ প্রতিষেধক দুবিধ ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ত অনুমতি প্রদান কৰে ড্রাগ কণ্ড্রোলাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)–ই৷ কেন্দ্রীয় চৰকাৰে ইংৰাজী নৱবর্ষৰ প্রথমটো মাহ অর্থাৎ জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰাই দেশত গণ টিকাকৰণ অভিযান আৰম্ভ কৰাৰ লক্ষ্যৰে সকলো ধৰণৰ প্রস্তুতি অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে ডি চি জি আয়ে ‘ক’ভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ ভাৰতত ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ৰ বাবে অনুমতি দিয়াটোৱে ক’ৰোনা সংক্রমণৰ আশংকাত আতংকিত কৰি ৰখা দেশবাসীৰ মাজলৈ আশাৰ জিলিকনি আনিছে৷ ডি চি জি আয়ে অনুমতি দিয়াৰ লগে লগে দেশত যে শীঘ্রে ঘাতক মহামাৰীৰ প্রতিৰোধকল্পে প্রতিষেধক প্রদান প্রক্রিয়া আৰম্ভ হ’ব সেইটো প্রায় নিশ্চিত হৈ পৰিল৷ ‘ক’ভিশ্বিল্ড’ হৈছে অক্সফ’ড বিশ্ববিদ্যালয় আৰু এষ্ট্রাজেনেকাৰ দ্বাৰা বিকশিত ক’ৰোনাৰ প্রতিষেধক৷ ভাৰতত ইয়াক মানৱ দেহত পৰীক্ষণ আৰু উৎপাদনৰ দায়িত্বত আছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া৷ ইয়াৰ বিপৰীতে ‘ক’ভাক্সিন’ সম্পূর্ণ দেশীয়ভাৱে প্রস্তুত কৰা হৈছে৷ যিটো ভাৰতৰ দৰে দেশখনৰ বাবে ক’ৰোনাসৃষ্ট সংকটকালত চিহ্ণিত হৈছে অতি গুৰুত্বপূর্ণ সফলতা ৰূপে৷

হায়দৰাবাদৰ ভাৰত বায়’টেকৰ সৈতে চৰকাৰী প্রতিষ্ঠান ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্চ আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’ল’জীয়ে যুটীয়াভাৱে এই দেশীয় প্রতিষেধক বিধ প্রস্তুত কৰিছে৷ দেওবাৰে ডি চি জি আই ভি জি ছোমানিয়ে সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে ‘ক’ভাক্সিন’ক দেশত ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ত অনুমতি দিয়া বুলি ঘোষণা কৰাৰ পিছতে চর্চালৈ আহিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰশীল ভাৰতৰ শ্লোগান৷ চর্চা অনুসৰি দেশীয়ভাৱে প্রস্তুত কৰা ক’ৰোনাৰ এই প্রতিষেধকবিধলৈ দিয়া ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ৰ অনুমতিয়ে আত্মনির্ভৰশীল ভাৰতৰ শ্লোগানক অধিক শক্তিশালী কৰিব৷ এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ক’ভাক্সিনৰ উপৰি আহমেদাবাদৰ জাইডাছ কেডিলাই প্রস্তুত কৰা ক’ৰোনাৰ প্রতিষেধক ‘জাইক’ভ ডি’ৰ পৰীক্ষামূলক প্রয়োগৰ তৃতীয় পর্যায় আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অনুমতি প্রদান কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ বিশেষজ্ঞ কমিটীয়ে৷ সকলো ঠিকে ঠাকে থাকিলে দেশীয়ভাৱে প্রস্তুত কৰা এই প্রতিষেধকটোৱেও ডি চি জি আইৰ পৰা শীঘ্রে ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ৰ অনুমতি পোৱাৰ সম্ভাৱনা আছে৷

‘ক’ভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ক ডি চি জি আয়ে ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ৰ অনুমতি প্রদান কৰাৰ পূর্বে শনিবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে এক গুৰুত্বপূর্ণ ঘোষণা কৰে৷ যি ঘোষণা নতুন বছৰটোত সমগ্র দেশবাসীৰ বাবে আশাৰ বার্তা ৰূপে চিহ্ণিত হৈছে৷ শনিবাৰে দেশৰ ১২৫খন জিলাৰ মুঠ ২৮৫টা কেন্দ্রত প্রতিষেধক দিয়াৰ ‘ড্রাই ৰান’ অর্থাৎ আখৰা চলোৱা হৈছিল৷ তাৰ মাজতেই কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে ঘোষণা কৰে যে দেশবাসীক বিনামূলীয়াকৈ ক’ৰোনাৰ প্রতিষেধক প্রদান কৰা হ’ব৷ অৱশ্যে সংবাদ মাধ্যমৰ জৰিয়তে কৰা এই ঘোষণাৰ পিছতে টুইটাৰযোগে তেওঁ আন এক মন্তব্য কৰে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনৰ এই টুইটটোত কোৱা হয় যে প্রথম পর্যায়ত সমগ্র দেশত এক কোটি স্বাস্থ্যকর্মী আৰু দুই কোটি ক’ৰোনা যোদ্ধাক বিনামূলীয়াকৈ প্রতিষেধক দিয়া হ’ব৷ বাকী ২৭ কোটিক কিদৰে অগ্রাধিকাৰৰ ভিত্তিত প্রতিষেধক দিয়া যাব সেইটো ঠিক কৰা হ’ব জুলাই মাহৰ ভিতৰত৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে প্রতিষেধকক লৈ সংবাদ মাধ্যমত কৰা মন্তব্য আৰু পিছত কৰা তেওঁৰ টুইটটোৱে বিতর্কৰ সৃষ্টি কৰিছে৷ কিন্তু তেওঁৰ মন্তব্য–টুইটে এটা কথা স্পষ্ট কৰিছে যে ভাৰতত শীঘ্রেই আৰম্ভ হ’ব ক’ৰোনাৰ গণ টিকাকৰণ৷ যিটোক লৈ দেশৰ প্রতিজন লোক গভীৰ উৎকণ্ঠা আৰু অপেক্ষাৰ মাজত আছে৷ ‘ক’ভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’–এ ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ত ডি চি জি আইৰ অনুমতি পোৱাৰ লগে লগে দেশবাসীৰ উৎকণ্ঠাৰ অৱসান ঘটালৈ যে আৰু বেছিদিন ৰ’ব নালাগে, সেইটো নিশ্চিত হৈ পৰিছে৷

You might also like