নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশী ক্রিকেটাৰৰ ওপৰত অঘোষিত নিষেধাজ্ঞাৰ সম্ভাৱনা আইপিএল কৰ্তৃপক্ষৰ

বিশেষ বাৰ্তা, ৪ এপ্রিলঃ আইপিএল আৰম্ভ হোৱাৰ পিছত ছাকিব আল হাছানৰ লগতে লিটন দাস আৰু মুস্তাফিজুৰক এন অ’ চি দিবলৈ অস্বীকাৰ কৰে বাংলাদেশ ক্রিকেট ব’র্ডে৷ আনকি তাচকিন আহমেদক এটি ফ্রেনচাইজীয়ে ল’ব বিচাৰিছিল যদিও তেওঁকো অনুমতি পত্র নিদিলে ব’র্ডে৷ বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ এই কঠোৰ মনোভাৱৰ বাবে এইবাৰ দেশখনৰ ক্রিকেটাৰসকল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আনকি আসন্ন আই পি এলৰ পৰা অঘোষিত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে ছাকিব আৰু লিটন৷ আচলতে বাংলাদেশ ক্রিকেট ব’র্ডে যিদৰে ক্রিকেটাৰসকলক আই পি এল খেলাৰ ক্ষেত্রত অসহযোগিতা কৰিছে সেই কথা মানি ল’ব পৰা নাই ফ্রেনচাইজীসমূহে৷ আই পি এল কর্তৃপক্ষও তেওঁলোকৰ এই কার্যক লৈ অসন্তুষ্ট৷ জানিব পৰা মতে ফ্রেনচাইজীসমূহৰ তৰফৰ পৰা বিচিচিআইক বিষয়টো অৱগত কৰিব আই পি এল কর্তৃপক্ষই৷ ইয়াৰ পিছতে বাংলাদেশ ক্রিকেটাৰসকলৰ বিৰুদ্ধে কঠিন পদক্ষেপ গ্রহণ কৰিব পাৰে৷ বিশ্বৰ শক্তিশালী ব’ৰ্ডসমূহে নিজ দেশৰ ক্রিকেটাৰক খেলাৰ অনুমতি প্রদান কৰাৰ পিছতো বাংলাদেশ ব’র্ডে কিয় এনে স্থিতি গ্রহণ কৰিছে সেয়া চর্চাৰ বিষয় হৈ পৰিছে বিচিচিআইৰ ভিতৰচ’ৰাত৷

You might also like