নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য আয়োজনেৰে কাইলৈ বৰ্ষাপাৰাত আইপিএলৰ মেচ

বিশেষ বাৰ্তা, ৪ এপ্রিলঃ আহমেদাবাদ আইপিএলৰ উদ্বোধনী অনুষ্ঠানৰ পিছত আন এখন উদ্বোধনী অনুষ্ঠানৰ বাবে সাজু হৈছে গুৱাহাটী৷ কাইলৈ অনুষ্ঠিত হ’বলগা আই পি এলৰ ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ মাজৰ মেচখনৰ পূর্বে আই পি এলক আদৰণি জনাবলৈ আয়োজন কৰা হৈছে এক সাংস্কৃতিক অনুষ্ঠানৰ৷ লেজাৰ শ্ব’, লোকনৃত্যৰ পৰা লাইভ বেণ্ড আদি মনোৰঞ্জনৰ সকলো আহিলা সাজু কৰি তোলা হৈছে৷ উল্লেখযোগ্য যে আই পি এলৰ ১৬ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে মেচ আয়োজনৰ সুযোগ লাভ কৰিছে অসমে৷ আই পি এলত অংশগ্রহণ কৰা ১০টা দলৰ নিজ নিজ ষ্টেডিয়ামৰ উপৰি আৰু দুখন খেলপথাৰত এইবাৰৰ আই পি এল অনুষ্ঠিত হ’ব৷ এই দুখন ষ্টেডিয়াম হৈছে অসমৰ গুৱাহাটী আৰু হিমাচল প্রদেশৰ ধর্মশালা৷ গুৱাহাটীক ৰাজস্থান ৰয়েলছৰ হোম গ্রাউণ্ড হিচাপে ধৰা হৈছে৷ সেই অনুসৰি কাইলৈ পঞ্জাব কিংছৰ বিপক্ষে অৱতীর্ণ হ’ব ৰাজস্থান৷ মেচখনৰ পূর্বে ন–কইনাৰ ৰূপত সজাই তোলা হৈছে বর্ষাপাৰাৰ এচিএ ষ্টেডিয়াম৷ খেলপথাৰৰ ভিতৰে–বাহিৰে ৰঙীন হর্ডিঙেৰে দৃষ্টি আকর্ষণ কৰা হৈছে ক্রিকেট অনুৰাগীৰ লগতে আই পি এল কর্তৃপক্ষৰ৷ কাইলৈ মেচ আৰম্ভ হোৱাৰ পূর্বে প্রায় এঘণ্টা অসম আৰু ৰাজস্থানৰ লোকনৃত্যৰ লগতে অসমীয়া বেণ্ডৰ গানেৰে মোহাচ্ছন্ন হ’ব উপস্থিত দর্শক–অনুৰাগী৷ খেল আৰম্ভ হোৱাৰ ৫০ মিনিট পূর্বে অনুষ্ঠিত হ’ব সেই অনুষ্ঠান৷ অসমৰ কলা–সংস্কৃতিক আই পি এলৰ প্রায় ৬ মিলিয়ন ডিজিটেল অনুৰাগীৰ জৰিয়তে বিশ্বদৰবাৰত প্রতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হ’ব৷ তদুপৰি দুয়োটা ইনিংছৰ মাজৰ সময়খিনিত লেজাৰ শ্ব’ৰ ব্যৱস্থা কৰা হৈছে৷ ইতিমধ্যে মেচখনত অংশগ্রহণৰ বাবে দুয়োটা দলৰ খেলুৱৈসকল কালি গুৱাহাটীত উপস্থিত হৈছে৷ পঞ্জাব কিংছৰ খেলুৱৈসকল তাজ ভিভাণ্টাত থকাৰ বিপৰীতে ৰাজস্থান দলৰ খেলুৱৈসকল আছে ৰেডিছন ব্লুত৷ নিজৰ প্রথমখন মেচত দর্শনীয় বিজয় সাব্যস্ত কৰাৰ পিছত অসম সন্তান ৰিয়ান পৰাগে প্রতিনিধিত্ব কৰা ৰাজস্থানে কাইলৈ পুনৰ আন এক বিজয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ আজি দুয়ো দলে বর্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰে৷ অৱশ্যে ইতিপূর্বে ইয়াত অনুষ্ঠিত আন্তর্জাতিক মেচসমূহৰ প্রতি দর্শকে দেখুওৱা সহাৰি এইপর্যন্ত পৰিলক্ষিত হোৱা নাই৷ পূর্বৰ দৰে আই পি এলৰ মেচ দুখনৰ বাবে উন্মাদনা দেখিবলৈ পোৱা নাই অনুৰাগীৰ মাজত৷ ইতিমধ্যে বুক মাই শ্ব’ নামৰ ৱেবছাইটৰ জৰিয়তে টিকট বিক্রী কৰা হৈছে যদিও এতিয়াও বহু টিকট বিক্রী হোৱা নাই৷ মেচখনৰ পূর্বে প্রায় সকলোখিনি টিকট বিক্রী হ’ব বুলি আশা ৰাখিছে আয়োজকসকলে৷ তদুপৰি টিকটৰ অত্যধিক মূল্যয়ো মন সেমেকাইছে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেট অনুৰাগীৰ৷ টিকটৰ নূ্যনতম মূল্য ১ হাজাৰৰ পৰা সর্বাধিক ৫ হাজাৰ নির্ধাৰণ কৰা হৈছে৷ তদুপৰি ষ্টেডিয়ামৰ ভিতৰত ক্রয় কৰিবলগীয়া শীতল পানীয় আৰু অন্য খাদ্যবস্তুৰ মূল্যও অত্যধিক হোৱাত বহু অনুৰাগীয়ে ইচ্ছা থকা সত্ত্বেও মেচখন উপভোগ কৰিব নোৱাৰিব৷ ইপিনে, ৰাজ্যৰ চৌদিশে কিছুদিনৰ পৰা নেৰানেপেৰাকৈ হৈ থকা বৰষুণ তথা প্রতিকূল বতৰৰ বাবেও দর্শক–অনুৰাগীৰ সহাৰি হ্রাস পাইছে৷ অৱশ্যে দিনৰ ভাগত বৰষুণ হ’লেও সন্ধিয়া মেচ আয়োজন কৰিব পৰাকৈ ব্যৱস্থা আছে বর্ষাপাৰা ষ্টেডিয়ামত৷ ইয়াৰ পূর্বেও ধাৰাসাৰ বৰষুণৰ পিছতো আন্তর্জাতিক মেচ অনুষ্ঠিত হৈছে এইখন ষ্টেডিয়ামত৷ অসমত প্রথমবাৰৰ বাবে আই পি এলৰ মেচ আয়োজন কৰাৰ খবৰ প্রকাশ পোৱাৰ পিছতে ৰাজ্যখনৰ ক্রিকেট অনুৰাগীৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হৈছিল৷ তদুপৰি ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ পদত আছে অসমৰে এগৰাকী বিশিষ্ট ব্যৱসায়ী ৰঞ্জিত বৰঠাকুৰ৷ তেওঁ কেইদিনমান পূর্বেই গুৱাহাটীত উপস্থিত হৈ আয়োজনৰ বিভিন্ন দিশ পর্যবেক্ষণ কৰি আছে৷ কাইলৈ আৰু ৮ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া মেচ দুখন সফলভাৱে আয়োজন কৰি অসমক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰবাৰ দাঙি ধৰিব বিচাৰে বৰঠাকুৰে৷ উল্লেখ্য যে ৮ এপ্রিলত ৰাজস্থানে দিল্লী কেপিটেলছৰ বিপক্ষে আন এখন মেচত অৱতীর্ণ হ’ব৷

You might also like