নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাব পৰিধান নকৰাকৈ সংগীত পৰিৱেশন : আহমদিক গ্রেপ্তাৰ ইৰানৰ

🔹 ব্লেক ষ্ট্রেপিং বডীকন ড্রেছ পৰিধান কৰি পুৰুষ বাদ্যশিল্পীৰে পৰিৱেশন কৰিছিল সংগীত

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : হিজাব পৰিধান নকৰাকৈ ইউটিউবত ভার্চুৱেল কনচার্টত অংশ লোৱাৰ বাবে কণ্ঠশিল্পী পাৰাষ্টু আহমদিক ইৰান চৰকাৰে গ্রেপ্তাৰ কৰিছে৷ কণ্ঠশিল্পী আহমদিৰ অধিবক্তাই প্রকাশ কৰা মতে, চাৰিচিটীৰ পৰা শিল্পীগৰাকীক ইৰান চৰকাৰে গ্রেপ্তাৰ কৰে৷ কি অভিযোগত গ্রেপ্তাৰ কৰা হৈছে, সেই সন্দর্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিকতা প্রকাশ কৰা নাই বুলিও অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ মন কৰিবলগীয়া যে পাৰাষ্টু আহমদিয়ে অনলাইন কনচার্টত ব্লেক ষ্ট্রেপিং বডীকন ড্রেছ পৰিধান কৰি চাৰি পুৰুষ বাদ্যশিল্পীৰ সৈতে সংগীত পৰিৱেশন কৰিছিল৷ ১.৪ নিযুত অনুৰাগীয়ে প্রত্যক্ষ কৰা এই ভিডিঅ’টো শিল্পীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত প্রচাৰ কৰাৰ পাছতে ইৰান চৰকাৰৰ দৃষ্টিত পৰে আৰু হিজাব পৰিধান নকৰাকৈ সংগীত পৰিৱেশন কৰা বাবে গ্রেপ্তাৰ কৰে৷ তথ্য মতে, শিল্পী আহমদিক গ্রেপ্তাৰ কৰাৰ পাছত কাৰাগাৰলৈ প্রেৰণ কৰা হৈছে৷ অকল শিল্পীগৰাকীকেই গ্রেপ্তাৰ কৰা নাই৷ দুজন পুৰুষ বাদ্যযন্ত্রীকো গ্রেপ্তাৰ কৰা হৈছে৷ গ্রেপ্তাৰ কৰা দুই বাদ্যযন্ত্রী হৈছে ছোহেল ফাগিহ নাছিৰি আৰু এহছান বেইৰাকদাৰ৷ তাৎপর্যপূর্ণ যে শিল্পী আহমদিয়ে ভিডিঅ’ প’ষ্ট কৰি লিখিছিল- এগৰাকী কন্যাই জনতাৰ কাৰণে গান গাব বিচাৰে, শিল্পীৰ পৰিৱেশনৰ বাবে অধিকাৰ আছে৷ মন কৰিবলগীয়া যে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পাছৰে পৰা ইৰানে মহিলাৰ ক্ষেত্রত কঠোৰ নির্দেশনা মানি আহিছে৷ মহিলাই এককভাৱে পুৰুষৰ আগত গীত পৰিৱেশন কৰিলে হিজাব পৰিধান কৰিব লাগিব৷ হিজাব পৰিধান নকৰাকৈ মিডিয়া মঞ্চ কিম্বা ৰাজহুৱা স্থানত সংগীত পৰিৱেশন কৰিব নোৱাৰিব৷ এই নিয়ম উলংঘন কৰিলে শিল্পীগৰাকীৰ বিৰুদ্ধে বিভিন্ন শাস্তি, জৰিমনা বিহিব পাৰে৷ সেই নিষেধাজ্ঞাৰ আধাৰতে শিল্পীগৰাকীক চৰকাৰে গ্রেপ্তাৰ কৰিছে৷ দেশখনত হিজাব পৰিধান কৰাটো প্রতীকী আৰু আইনী ব্যৱস্থা বুলি মানি লোৱা হয়৷

You might also like