নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলৰ হাস্পতালত বেলিষ্টিক মিছাইল আক্ৰমণ ইৰানৰ

বৰ্তমান লাখ লাখ ইজৰাইলী আশ্ৰয় শিবিৰৰ দিশে দৌৰিছে

ইজৰাইলৰ হাস্পতালত বেলিষ্টিক মিছাইল আক্ৰমণ ইৰানৰ

নিউজ ডেস্ক, ১৯ জুন : ভয়ংকৰ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই। আমেৰিকাৰ সাহসত ইজৰাইলে সমগ্ৰ শক্তিৰে যুঁজি থকাৰ বিপৰীতে ইৰানে বিনা চৰ্ত আত্মসমৰ্পণ প্ৰত্যাখ্যান কৰি ইজৰাইলৰ ওপৰত ধাৰাসাৰ আক্ৰমণ অব্যাহত ৰাখিছে।

ইজৰাইলৰ ছ’ৰোকা হাস্পতালত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে ইৰানে। এই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে।

ইৰানে বেলিষ্টিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰিছে। ইয়াৰ বাবেই দেশত চাইৰেন বাজিবলৈ আৰম্ভ কৰিছে। বৰ্তমান লাখ লাখ ইজৰাইলী আশ্ৰয় শিবিৰৰ দিশে দৌৰিছে।

You might also like