নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলত প্রত্যক্ষ আক্রমণৰ ভাবুকি ইৰানৰ

🔹 মধ্যপ্রাচ্যত সেনাৰ শক্তি বৃদ্ধি আমেৰিকা যুক্তৰাষ্ট্রৰ

নিউজ ডেস্ক, ৩ আগষ্ট : ইৰানৰ টেহৰানত হামাছৰ মুৰব্বী ইছমাইল হানিয়েহকক ইজৰাইলে হত্যা কৰাৰ পিছতে মধ্যপ্রাচ্যত উত্তেজনা বৃদ্ধি পাইছে৷ ইৰানে প্রতিশোধকল্পে ইজৰাইলত প্রত্যক্ষ আক্রমণৰ ভাবুকি দিয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্রই মধ্যপ্রাচ্যত সামৰিক শক্তি বৃদ্ধিৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ কালি পেণ্টাগনে আনুষ্ঠানিকভাৱে এই সন্দর্ভত ঘোষণা কৰাৰ পিছতে মধ্যপ্রাচ্যলৈ যুদ্ধ বিমান আৰু যুদ্ধ জাহাজ প্রেৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ইৰান আৰু সহযোগী দেশসমূহৰ আক্রমণৰ পৰা ইজৰাইলক সুৰক্ষিত কৰি ৰখাৰ প্রতি লক্ষ্য ৰাখিয়েই মধ্যপ্রাচ্যত সামৰিক শক্তি বৃদ্ধি কৰিব৷ আমেৰিকা সামৰিক বাহিনীৰ সুৰক্ষাৰ সমান্তৰালকৈ ইজৰাইলৰ ওপৰত আক্রমণৰ ভাবুকিৰ পৰিপ্রেক্ষিততেই যুদ্ধ জাহাজ আৰু যুদ্ধ বিমান প্রেৰণ প্রক্রিয়া আৰম্ভ কৰিছে মার্কিন চৰকাৰে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন আৰু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানেহুৱে ইতিমধ্যে বৃহস্পতিবাৰে বিয়লি এই সন্দর্ভত বিতং আলোচনা কৰে৷ ইৰানৰ বেলিষ্টিক মিছাইল আৰু ড্র’ন আক্রমণৰ সম্ভাৱনীয়তাৰ প্রতি লক্ষ্য ৰাখি এই আক্রমণ যাতে প্রতিহত কৰিব পাৰে, তাৰ বাবেই আমেৰিকাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব৷ মন কৰিবলগীয়া যে হামাছ আৰু হিজবুল্লাৰ ওপৰত ইজৰাইলে শেহতীয়াভাৱে আক্রমণ বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত মধ্যপ্রাচ্যত উত্তেজনা বৃদ্ধি পাইছে৷ ইপিনে, ইজৰাইলে ইৰানৰ ৰাজধানীতে হামাছৰ মুৰব্বীক হত্যা কৰি ইৰানক প্রত্যাহ্বান জনাইছে৷ হামাছাৰ বিৰুদ্ধে যুদ্ধ চলাই থকা ইজৰাইলৰ বিৰুদ্ধে কেইবাবাৰো ইৰানে ভাবুকি দিছে৷

You might also like