ইৰান-ইজৰাইল যুদ্ধ-ৰ নিয়ন্ত্ৰণহীন পৰিৱেশ, আমেৰিকাৰ আক্ৰমণক গৰিহণা চীন-উত্তৰ কোৰিয়াৰ
একে সময়তে ইজৰাইলৰ আক্ৰমণত ৯জন ইৰাণী সৈনিকৰ মৃত্যু হৈছে, ইয়াৰে ৭জন ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সদস্য আছিল।
নিউজ ডেস্ক, ২৩ জুনঃ ইৰান-ইজৰাইল যুদ্ধ অব্যাহত আছে। দুয়োখন দেশে অহৰহ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি আছে। এই আক্ৰমণত আমেৰিকাও প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। ইৰানৰ ৩টা পাৰমাণৱিক স্থান ইছফাহান, নাটানজ আৰু ফৰ্ডোত আক্ৰমণ কৰে। ইয়াৰ পিছত ক্ষুব্ধ ইৰানে ইজৰাইলৰ বিৰুদ্ধে দ্ৰুত প্ৰতিশোধ আৰম্ভ কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে যে আই এ এফৰ ২০খন যুদ্ধ বিমানে হামিদান, কেৰমানশ্বাহ আৰু তেহৰাণত ৩০টাতকৈও অধিক অস্ত্ৰ ব্যৱহাৰ কৰি বোমা নিক্ষেপ কৰিছিল। আইডিএফৰ তথ্য অনুসৰি চোৰাংচোৱা তথ্যৰ ভিত্তিত এই আক্ৰমণ সংঘটিত হৈছিল। একে সময়তে ইজৰাইলৰ আক্ৰমণত ৯জন ইৰাণী সৈনিকৰ মৃত্যু হৈছে, ইয়াৰে ৭জন ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সদস্য আছিল।
ইৰানৰ চিকিৎসা কেন্দ্ৰক লক্ষ্য ইজৰাইলৰ
ইৰানৰ ৰেড ক্ৰীচেণ্টৰ মুৰব্বীয়ে দিয়া তথ্য অনুসৰি ইৰানৰ মোটাহাৰী বাৰ্ন হাস্পতাল, ৱালি আছাৰ হাস্পতাল, খাটাম হাস্পতাল আৰু এটা ৱেলনেছ চেণ্টাৰকে ধৰি ইৰাণৰ ৮টা মেডিকেল চেণ্টাৰক লক্ষ্য কৰি লৈছে ইজৰাইলে।
ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা চীন-উত্তৰ কোৰিয়াৰ
ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ সন্দৰ্ভত চীনে কয় যে ইয়াৰ ফলত আমেৰিকাৰ বিশ্বাসযোগ্যতা ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হ’ব পাৰে বুলি চিন্তিত। একে সময়তে উত্তৰ কোৰিয়ায়ো ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা দিছে।
ৰাছিয়াত উপস্থিত ইৰানৰ বৈদেশিক মন্ত্ৰী
ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছত ৰাছিয়াত উপস্থিত হৈছে ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচি। কোৱা হৈছে যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুতৰ আলোচনা কৰিবলৈ ওলাইছে।
ইৰানৰ পাৰমাণৱিক স্থান ধ্বংস হোৱাৰ দাবী ট্ৰাম্পৰ
ৰাষ্ট্ৰপতি ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত তেওঁৰ নতুন পোষ্টত দাবী কৰিছে যে আমেৰিকাৰ আক্ৰমণে ইৰানৰ পাৰমাণৱিক স্থানসমূহৰ বৃহৎ ক্ষতি কৰিছে। তেওঁ লিখিছে, ‘উপগ্ৰহৰ ছবিয়ে দেখুৱাইছে যে ইৰানৰ সকলো পাৰমাণৱিক স্থানৰ যথেষ্ট ক্ষতি হৈছে। মূললৈকে ধ্বংস হোৱাটো এটা সঠিক শব্দ! দেখুওৱা বগা গঠনটো শিলত গভীৰভাৱে নিহিত হৈ আছে, আনকি ইয়াৰ চালখনো মাটিৰ স্তৰৰ বহু তলত, আৰু জুইৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। আটাইতকৈ বেছি ক্ষতি হৈছে মাটিৰ স্তৰৰ বহু তলত।
টেল আভিভত বাজিছে চাইৰেন
আজি ইজৰাইল-ইৰান যুদ্ধৰ একাদশ দিন। ইৰানৰ হামিদান, কেৰমানশ্বাহ আৰু তেহৰানত ইজৰাইলে ৩০টাতকৈও অধিক বোমা নিক্ষেপ কৰিছে। বিমান আক্ৰমণৰ বাবে টেল আভিভতো চাইৰেন বাজি আছে।