ইজৰাইল–আমেৰিকাক আক্রমণৰ ভাবুকি ইৰানৰ
🔹 মধ্যপ্রাচ্যত মার্কিন সেনাৰ শক্তি বৃদ্ধি
নিউজ ডেস্ক, ৩ নৱেম্বৰ : ইজৰাইল আৰু ইৰানৰ প্রত্যক্ষ সংঘাতৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রৱেশে মধ্যপ্রাচ্যত পূর্ণাংগ যুদ্ধৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ সন্ত্রাসবাদী হামাছ আৰু হিজবুল্লাৰ মুৰব্বীক ইজৰাইলী সেনাই হত্যা কৰাৰ প্রতিশোধকল্পে ইৰানে প্রায় ২০০ মিছাইলেৰে ইজৰাইলৰ ওপৰত আক্রমণ কৰাৰ প্রায় এমাহ পিছত ইজৰাইলে ইৰানৰ সামৰিক ঘাটিক লক্ষ্য কৰি ১০০ যুদ্ধ বিমানেৰে আক্রমণ চলায়৷ ইজৰাইলৰ এই আক্রমণৰ প্রত্যুত্তৰ ইৰানে এতিয়ালৈকে দিয়া নাই যদিও যিকোনো মুহূর্তত ইয়াৰ প্রত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ আছে৷ এনে সময়তে ইজৰাইলৰ সমর্থক দেশ আমেৰিকা যুক্তৰাষ্ট্রই মধ্যপ্রাচ্যত মিত্র দেশসমূহত নিজৰ সেনাৰ সংখ্যা বৃদ্ধিৰ লগতে যুদ্ধাস্ত্রও বৃদ্ধি কৰিছে৷ মধ্যপ্রাচ্যত ইজৰাইল আৰু ইৰানৰ মাজত সংঘাত চলি থকাৰ সময়তে আমেৰিকাই অঞ্চলটোত সেনাৰ শক্তি বৃদ্ধি কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে ইৰান৷ ইৰানৰ শীর্ষ নেতা আয়াতোল্লা আলী খোমেইনিয়ে এক ভিডিঅ’ বার্তাযোগে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ঘাটিত ভয়াৱহ আক্রমণৰ ভাবুকি প্রদান কৰিছে৷ ইজৰাইলে ইৰানৰ সামৰিক ঘাটিৰ ওপৰত চলোৱা আক্রমণ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ আগ্রাসনক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি ইৰানৰ শীর্ষ নেতা খোমেইনিয়ে ভয়াৱহ আক্রমণৰ ভাবুকি প্রদান কৰিছে৷ এক ভিডিঅ’ বার্তাযোগে ৮৫ বছৰীয়া খোমেইনিয়ে কয় যে শত্রু লাগিলে ইহুদী শাসকেই হওক কিম্বা আমেৰিকা যুক্তৰাষ্ট্রই হওক, দেশখনে ভয়াৱহ আক্রমণ দিব৷ ইৰান আৰু আঞ্চলিক মিত্র দেশৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ আগ্রাসন কোনো কাৰণতে সহ্য কৰা নহ’ব৷ আক্রমণৰ ভাবুকি প্রদান কৰিলেও শীর্ষ নেতা খোমেইনিয়ে কেতিয়া আৰু কেনেকৈ এই আক্রমণ চলাব, সেই সন্দর্ভত কোনো ইংগিত দিয়া নাই৷ উল্লেখনীয় যে যোৱা ২৬ অক্টোবৰত ইজৰাইলে ইৰানৰ সামৰিক ঘাটিৰ ওপৰত ভয়াৱহ আক্রমণ চলাইছিল৷ ইয়াৰে ভিতৰত মিছাইল নির্মাণ কেন্দ্র, বায়ু প্রতিৰক্ষা ব্যৱস্থা, শক্তি আন্তঃগাঁথনি আৰু গুৰুত্বপূর্ণ বন্দৰ আছে৷ ইজৰাইলৰ এই আক্রমণত ইৰানৰ দুজন সেনা নিহত হৈছে৷ তাৎপর্যপূর্ণ যে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে ইৰানৰ সামৰিক ঘাটিত আক্রমণ কৰি পৰৱর্তী সময়ত এনে আক্রমণ আৰু অধিক ভয়াৱহ হ’ব বুলি সকীয়াই দিছে৷ ইৰান আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্রই মধ্যপ্রাচ্যলৈ অতিৰিক্তভাৱে সামৰিক সা–সঁজুলি প্রেৰণ কৰিছে৷ বি–৫২, বোমাৰু যুদ্ধ বিমান আৰু বেলিষ্টিক ক্ষেপণাস্ত্র ধ্বংস কৰা ব্যৱস্থা প্রেৰণ কৰিছে মার্কিন প্রশাসনে৷