নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ দুর্ধর্ষ হামাছক ইজৰাইল আক্রমণৰ প্রশিক্ষণ দিছিল ইৰানে

🔹 শ শ টেংক লৈ গাজাত সোমাল ইজৰাইলী সেনা

🔹 ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰিৰ অপৰাধত কাটাৰত ৮ ভাৰতীয়ক মৃত্যুদণ্ড

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : আকাশমার্গেৰে ধ্বংসলীলা চলোৱাৰ পিছত অৱশেষত শ শ টেংক লৈ গাজাত সোমাল ইজৰাইলী সেনা৷ বিগত পষেক ধৰি গাজা সীমান্তত স্থলভাগেৰে আক্রমণ চলাবলৈ বাহৰ পাতি থকা ইজৰাইলী সেনাই অৱশেষত পৰহি নিশা গাজাৰ দক্ষিণ প্রান্তত প্রৱেশ কৰিছে৷ প্রৱেশ কৰিয়েই টেংক লৈ ইজৰাইলী সেনাই পূর্বপৰিকল্পিত অনুসৰি হামাছ সন্ত্রাসবাদীৰ ঘাটিত প্রচণ্ড আক্রমণ চলাইছে৷ ঘৰে ঘৰে অভিযান চলাই আছে ইজৰাইলী সেনাই৷ ইজৰাইলী সেনাই গাজা আক্রমণ বন্ধ কৰিলে হামাছ সন্ত্রাসবাদীয়ে পণবন্দীক মুকলি কৰি দিব বুলি ঘোষণা কৰাৰ লগতে কেইবাখনো দেশে গাজাত ইজৰাইলী সেনাক যুদ্ধবিৰতি কৰিবলৈ জনোৱা আহ্বানক আওকাণ কৰি স্থলভাগেৰে গাজাৰ দক্ষিণ প্রান্তত হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছে৷ হামাছৰ কেইবাটাও ঘাটিত আকাশমার্গেৰে আক্রমণ চলাই বিধ্বস্ত কৰাৰ পিছত এইবাৰ স্থলভাগেৰে হামাছৰ ঘাটিত আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ আকাশমার্গেৰে ৰক্তাক্ত কৰি তোলা গাজাত সহস্রাধিক শিশুসহ ৬,৫০০ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু ঘটিছে৷ আহত হৈছে ১০ সহস্রাধিক৷ ভগনীয়া হৈছে ৭ লাখতকৈও অধিক লোক৷ গাজাত জনজীৱন দুর্বিসহ হৈ উঠাৰ সময়তে ইজৰাইলী সেনাই স্থলভাগেৰে হামাছৰ বিৰুদ্ধে অভিযান চলোৱাক লৈ পেলেষ্টাইনী লোকসকল শংকিত হৈ পৰিছে৷ উল্লেখ্য যে যোৱা ৭ অক্টোবৰত গাজাৰ পৰা হামাছ সন্ত্রাসবাদীয়ে ২০ মিনিটৰ ভিতৰত পাঁচ সহস্রাধিক ৰকেটেৰে ইজৰাইল আক্রমণ কৰাৰ পিছতে ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ ইজৰাইলৰ ওপৰত হামাছ সন্ত্রাসবাদীৰ আক্রমণৰ আঁৰত ইৰান জড়িত থকা বুলি দাবী উত্থাপন হৈ আহিছে৷ ইজৰাইলৰ তথ্যৰ আধাৰত দ্য ৱাল ষ্ট্রীট জার্নেলে প্রকাশ কৰা প্রতিবেদনত ৭ অক্টোবৰত ইজৰাইল আক্রমণ কৰিবলৈ ইৰানে ৫০০ হামাছ আৰু পেলেষ্টাইনী ইছলামিক জেহাদৰ দুর্ধর্ষ সদস্যক কঠোৰ প্রশিক্ষণ দিছিল৷ ইৰানে এই অভিযোগ খণ্ডন কৰিলেও ইৰান সমর্থিত হিজবুল্লাই হামাছ আৰু পেলেষ্টাইন ইছলামিক জেহাদৰ সৈতে মিলিত হৈ ইজৰাইলৰ ওপৰত আক্রমণ কৰাটো নিশ্চিত হৈছে৷ মন কৰিবলগীয়া যে আকাশমার্গৰ পৰা গাজা আক্রমণ কৰা ইজৰাইলী সেনাই আমেৰিকা যুক্তৰাষ্ট্রৰ পৰামর্শৰ বাবেই বিগত পষেক ধৰি গাজা সীমান্তত বাহৰ পাতিও গাজাত প্রৱেশ কৰা নাছিল৷ অৱশেষত ইজৰাইলী সেনাই গাজাত প্রৱেশ কৰি সন্ত্রাসবাদীৰ ঘাটিত প্রচণ্ড আক্রমণ চলাই আছে৷ আকাশমার্গেৰে হামাছ সন্ত্রাসবাদীৰ কার্যালয়–ঘাটি বিধ্বস্ত কৰাৰ লগতে ৯ দুর্ধর্ষ শীর্ষ কমাণ্ডাৰক হত্যা কৰাৰ পিছত স্থলভাগেৰে হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ আক্রমণৰ লক্ষ্য হ’ব৷ ইয়ে হামাছ সন্ত্রাসবাদীক সমূলঞ্চে বিনাশ কৰিবলৈ পণ লোৱা ইজৰাইল চৰকাৰৰ বাবে কঠিন প্রশ্ণৰো সমাধান ওলাব৷

ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰি : কাটাৰত ৮ ভাৰতীয়ক মৃত্যুদণ্ড

ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ৮ ভাৰতীয়ক মৃত্যুদণ্ড বিহিছে কাটাৰৰ এখন আদালতে৷ কাটাৰৰ সশস্ত্র বাহিনীৰ প্রশিক্ষণ আৰু সামগ্রী যোগানকে ধৰি বিভিন্ন সেৱাত জড়িত কাটাৰৰে কোম্পানী এটাত কর্মৰত ৮ ভাৰতীয় অৱসৰপ্রাপ্ত নৌসেনা বিষয়াক আদালতে মৃত্যুদণ্ড বিহাক লৈ ভাৰতৰ বৈদেশিক মন্ত্রালয়ে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ কাটাৰ আদালতৰ ৰায়ক লৈ আশ্চর্যান্বিত হোৱা বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা মতে গোচৰ সন্দর্ভত গোপনীয়তাৰ প্রসংগ উল্লেখ কৰি এই সন্দর্ভত বিতং তথ্য আগবঢ়োৱা নাই যদিও কাটাৰ চৰকাৰৰ সৈতে আইনী ব্যৱস্থা গ্রহণৰ সকলো পদক্ষেপ গ্রহণ কৰিব নতুন দিল্লীয়ে৷ ৮ ভাৰতীয় পৰিয়ালৰ সৈতে যোগাযোগ কৰি কাটাৰ চৰকাৰৰ  সৈতে আইনী ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিয়াৰ লগতে এই ৰায়ক লৈ ইতিমধ্যে ভাৰতে কাটাৰ চৰকাৰক অৱগত কৰিছে৷ উল্লেখ্য যে ভাৰতৰ ৮ প্রাক্তন নৌসেনা বিষয়াই কাটাৰৰ ডাহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনচালটেঞ্চী ছার্ভিচেছ নামৰ ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত হৈ আছিল৷ এই প্রতিষ্ঠানটোৱে কাটাৰৰ সশস্ত্র বাহিনীক প্রশিক্ষণকে ধৰি বিভিন্ন সেৱা যোগান ধৰে৷ ইয়াৰ উপৰি এই ব্যক্তিগত প্রতিষ্ঠানটো অতি স্পর্শকাতৰ ইটালিয়ান প্রযুক্তি আধাৰিত মিজেট ছাবমেৰিন নির্মাণতো জড়িত হৈ আছিল৷ এই প্রতিষ্ঠানটোত কর্মৰত হৈ থকা ৮ ভাৰতীয়ক কাটাৰ কর্তৃপক্ষই আটক কৰি ২০২২ চনৰ আগষ্টৰ পৰা কাৰাগাৰত বন্দী কৰি ৰাখিছে৷ ভাৰতে এই সন্দর্ভত কনচুলাৰ এছেচৰ অনুমতি লাভ কৰি তেওঁলোকৰ মুক্তিৰ নিশ্চয়তাৰ বাবে কাম কৰি আহিছে৷ এই গোচৰৰ শুনানি যোৱা মার্চ মাহৰ পৰা আৰম্ভ হৈছিল৷ কেইবাবাৰো আদালতে গ্রেপ্তাৰ হৈ থকা ৮ ভাৰতীয়ৰ জামিন নাকচ কৰি তেওঁলোকৰ কাৰাবন্দিত্বৰ সময় বঢ়াই আছিল৷ কালি হঠাতে কাটাৰ আদালতে ৮ ভাৰতীয়ক মৃত্যুদণ্ডৰ ৰায় দিয়ে৷ এই কাৰাবন্দী তথা কাটাৰ আদালতে মৃত্যুদণ্ড বিহা ৮ ভাৰতীয় হৈছে কেপ্টেইন নৱতেজ সিং গীল, কেপ্টেইন বীৰেন্দ্র কুমাৰ বার্মা, কেপ্টেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, পূর্ণেন্দু তিৱাৰী, সুগুণাকৰ পাকালা, সঞ্জীৱ গুপ্তা আৰু নাবিক ৰাগেশ৷ কাটাৰ আদালতৰ ৰায়ৰ পিছতে বৈদেশিক মন্ত্রালয়ে বিবৃতিযোগে এই সিদ্ধান্তক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷ ৰায়ৰ সবিশেষ তথ্য এতিয়ালৈকে তেওঁলোকৰ হাতত পৰা নাই বুলি উল্লেখ কৰি ৰায়ৰ তথ্য লাভ কৰাৰ পিছতে আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই কি পদক্ষেপ গ্রহণ কৰা হ’ব, সেয়া সিদ্ধান্ত লোৱা হ’ব বুলি কয় বৈদেশিক মন্ত্রালয়ে৷ আনহাতে, কাটাৰত মৃত্যুদণ্ডৰ ৰায়ৰ সন্মুখীন হোৱা এগৰাকী ভাৰতীয়ৰ আত্মীয়ই প্রধানমন্ত্রী নৰেন্দ্র মোদীক এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ ছ’চিয়েল মাধ্যম এক্সযোগে আহ্বান জনাইছে৷

You might also like