আৰক্ষীৰ গাড়ীৰ বনেটত উঠি ন*গ্ন হৈ মহিলাৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ ইৰানৰ কঠোৰ পোছাক বিধিৰ প্রতিবাদত এইবাৰ দেশখনৰ পথত নগ্ণ হৈ ঘূৰিলে এগৰাকী মহিলাই৷ অকল সেয়াই নহয়, নগ্ণ অৱস্থাতে আৰক্ষীৰ গাড়ীৰ ওপৰত জঁপিয়াই উঠিল মহিলাগৰাকী৷ গাড়ীৰ বনেটৰ ওপৰত থিয় হৈ প্রতিবাদ জনালে ইৰান চৰকাৰে আৰোপ কৰা কঠোৰ আইনৰ বিৰুদ্ধে৷ এই দাবী কৰি ছ’চিয়েল মিডিয়াত মহিলাগৰাকীৰ ভিডি’ পোষ্ট কৰিছে ইৰানৰ এগৰাকী সাংবাদিকে৷ ছ’চিয়েল মিডিয়াত বিয়পি পৰা ভিডি’ত দেখিবলৈ পোৱা গৈছে মহিলাগৰাকীয়ে নগ্ণ অৱস্থাত আৰক্ষীৰ গাড়ীৰ ওপৰত উঠিছে৷ বনেটৰ ওপৰত উঠি চিৎকাৰ কৰি মহিলাগৰাকীয়ে চৰকাৰৰ কঠোৰ পোছাক বিধিৰ সমালোচনা কৰিছে৷ গাড়ীৰ পৰা এগৰাকী আৰক্ষী বিষয়াই হাতত বন্দুক লৈ মহিলাগৰাকীক নামি আহিবলৈ নির্দেশ দিছে৷ কিন্তু মহিলাগৰাকীয়ে আৰক্ষী বিষয়াৰ নির্দেশক ভ্রূক্ষেপ কৰা নাই৷ ইৰানৰ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, ঘটনাটো ঘটিছে মাচহাদত৷ দেশখনৰ সাংবাদিক মাছিফ আলিনেজাডে পোষ্ট কৰা ভিডি’ক লৈ দেশখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ নগ্ণভাৱে মহিলাগৰাকীয়ে প্রতিবাদ কৰা বাবে মহিলাগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে নে নাই, সেয়া স্পষ্ট নহয়৷ অৱশ্যে স্থানীয় সংবাদ মাধ্যমক এই মহিলাগৰাকীৰ স্বামীৰ পৰিচয় দি এগৰাকী ব্যক্তিয়ে জানিবলৈ দিছে যে তেওঁৰ পত্নীৰ চিকিৎসা চলি আছে৷ মহিলাগৰাকী মানসিক ভাৰসাম্যহীন বুলি বিভিন্ন সংবাদ সংস্থাৰ ওচৰত দাবী কৰিছে তেওঁৰ স্বামীয়ে৷ লক্ষণীয়ভাৱে ইৰান প্রশাসনৰ তৰফৰ পৰা এই বিষয়টো সন্দর্ভত চৰকাৰীভাৱে কোনো বিবৃতি প্রকাশ কৰা হোৱা নাই৷ যোৱা বছৰ ডিচেম্বৰতে পোছাক বিধিক লৈ কঠোৰ আইন বলৱৎ কৰিছে ইছলামিক ৰাষ্ট্র ইৰানে৷ কট্টৰ ইছলামিক দেশখনৰ আইন অনুসৰি পোছাক বিধি মানি নল’লে এইবাৰ মৃত্যুদণ্ড পর্যন্ত হ’ব পাৰে ইৰানী মহিলাসকলৰ৷ আইনত এই কথাও উল্লেখ কৰা হৈছে যে কোনো মহিলাই অশোভনীয় পোছাক পৰিধান নাইবা নগ্ণতাক প্রদর্শন কৰিলে ১২,৫০০ পাউণ্ড অর্থাৎ ভাৰতীয় মুদ্রাত ১৩,৫০,০০০ টকা জৰিমনা ভৰিব লাগিব৷