ইৰানৰ প্রত্যাক্রমণ আমেৰিকাৰ গালত প্রচণ্ড চৰ, হোৱাইট হাউছৰ প্রতি ঘৃণাৰে খোমেইনিৰ মন্তব্য
কাটাৰত মার্কিন সেনা ঘাটিত প্রত্যাক্রমণ আছিল আমেৰিকাৰ গালত প্রচণ্ড চৰ যুদ্ধবিৰতিৰ পিছত প্রথমবাৰ মুখ খুলি হুংকাৰ দিলে ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খোমেইনিয়ে৷ অকল সেয়াই নহয়, ইৰানৰ সর্বোচ্চ ধর্মীয় নেতাগৰাকীয়ে গর্বেৰে ঘোষণা কৰিলে যে ইজৰাইল–ইৰানৰ যুদ্ধত জয়লাভ কৰিছে ইৰানৰ সেনাই৷
এক্স হেণ্ডেলত খোমেইনিয়ে লিখিছে যে আমেৰিকাৰ আগ্রাসনক কঠোৰ হাতেৰে মোকাবিলা কৰিছে ইৰানে৷ এই যুদ্ধত আমেৰিকাই প্রত্যক্ষভাৱে প্রৱেশ কৰিছিল ইজৰাইলক ৰক্ষা কৰিবলৈ বুলিও খোমেইনিয়ে পোষ্টটোত উল্লেখ কৰে৷ নেতাগৰাকীৰ মতে, আমেৰিকাই প্রত্যক্ষভাৱে এই যুদ্ধত অংশগ্রহণ নকৰিলে ইহুদী ৰাষ্ট্র ইজৰাইল ধ্বংস হ’ব বুলি আশংকা কৰিছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷
গতিকে ইৰানত বোমাবর্ষণ কৰিছিল আমেৰিকাই৷ কিন্তু আমেৰিকাই এই যুদ্ধৰ পৰা একো অর্জন কৰিব নোৱাৰিলে বুলিও মন্তব্য কৰিছে নেতাগৰাকীয়ে৷ খোমেইনিৰ মতে, আমেৰিকাক প্রত্যাক্রমণ কৰিবলৈ ইৰানৰ সেনাই হোৱাইট হাউছ প্রশাসনৰ গালত প্রচণ্ড চৰ শোধালে৷ স্মর্তব্য যে ১৩ জুনত ইৰানত আক্রমণ চলাইছিল ইজৰাইলে৷ তেতিয়াৰ পৰা প্রত্যাক্রমণৰ আশংকা সৃষ্টি হৈছিল৷ সেই আশংকা সত্য প্রমাণিত কৰি ইজৰাইলত প্রত্যাক্রমণ চলাইছিল ইৰানৰ সেনাই৷ লক্ষণীয়ভাৱে ইৰানৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পিছতো দেশখনৰ সেনাই ইজৰাইলৰ আভ্যন্তৰত ক্ষেপণাস্ত্রৰে আঘাত হানিছিল৷
ইয়াৰ মাজতে আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু কেন্দ্রত বোমা আৰু ক্ষেপণাস্ত্রৰে আক্রমণ চলায়৷ ইয়াৰ প্রত্যাক্রমণ হিচাপে কাটাৰ, ছিৰিয়া আৰু ইৰাকত থকা মার্কিন সেনাৰ ঘাটিত আক্রমণ চলায় ইৰানে৷ ইয়াৰ পিছতে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইজৰাইল–ইৰানক যুদ্ধবিৰতিৰ বাবে সন্মত কৰায়৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত ইৰানৰ সর্বোচ্চ ধর্মীয় নেতাগৰাকী মৌন হৈ আছিল যদিও আজি ‘স্ব–মহিমা’ত খোমেইনিয়ে আমেৰিকাক হুংকাৰ দি ক’লে যে যুদ্ধত ইৰান জয়ী হৈছে আৰু ইৰানৰ প্রত্যাক্রমণ আমেৰিকাৰ গালত এক প্রচণ্ড চৰ৷ লক্ষণীয় বিষয়টো হৈছে সামৰিক বাহিনীক ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত সর্বোচ্চ কর্তৃত্ব প্রদান কৰাৰ পিছৰে পৰা খোমেইনিক ৰাজহুৱা স্থানত দেখা নাই ইৰানবাসীয়ে৷ ৮৬ বছৰীয়া নেতাগৰাকী বর্তমান ক’ত আছে সেই কথা ইৰানবাসীৰ বাবেও এতিয়া ৰহস্যজনক৷
Niyomiya Barta Desk, Date of published : 27 June, 2025