নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাধিক্ষেত্রক বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি

🔹 ৬০ লাখতকৈ অধিক মৃতদেহ কবৰ দিছে ৱাদি আল–ছালামত

জেনেভা, ২৩ নৱেম্বৰ : বিশ্বৰ ভিতৰতে বৃহত্তম সমাধিক্ষেত্র আছে ইৰাকৰ নাজাফ চহৰত৷ পৱিত্র চহৰখ্যাত নাজাফত থকা এই সমাধিক্ষেত্রত এতিয়ালৈকে ৬০ লাখতকৈ অধিক মৃতদেহ কবৰ দিয়া হৈছে৷ ইউনেস্ক’ৰ তথ্য অনুসৰি নাজাফৰ ৱাদি আল–ছালাম অর্থাৎ ‘শান্তিৰ উপত্যকা’ৰ আয়তন ৯১৭ হেক্টৰ৷ ১৭০০খন ফুটবল খেলপথাৰতকৈ বেছি ঠাই জুৰি আছে এই সমাধিক্ষেত্র৷ উল্লেখনীয় যে ইৰাকৰ ৰাজপৰিয়ালৰ বহু সদস্যক এই সমাধিক্ষেত্রত কবৰ দিয়া হৈছে৷ ইয়াৰ উপৰি বহু ধর্মগুৰু আৰু বিজ্ঞানীৰো অন্তিম শয়নৰ ক্ষেত্র হৈছে এই শান্তিৰ উপত্যকা৷ সমাধিক্ষেত্রৰ পৰিসীমা প্রতি বছৰে বৃদ্ধি পাই আছে৷ নাজাফ চহৰৰ ১৩ শতাংশ ভূমি এই সমাধিক্ষেত্রতে আছে৷ উল্লেখনীয় যে পূর্বৰ ৱাদি আল–ছালাম বর্তমানত দুগুণলৈ বৃদ্ধি পোৱা বুলি সংবাদ সংস্থা ৰয়টাৰে সদৰী কৰিছে৷ সাংস্কৃতিকভাৱে ইয়াক বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি দিছে ইউনেস্ক’ৱে৷

You might also like