নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায়িত্বজ্ঞানহীন পিতৃ ! সিংহৰ পিঠিত বহুৱালে দুই শিশু পুত্রক

🔹 পশুৰাজৰ আক্রমণৰ পৰা কথমপি ৰক্ষা : ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : নিদ্রাৰত সিংহ৷ চকু বন্ধ কৰি বিশ্রাম লৈ আছিল পশুৰাজে৷ পিঞ্জৰাৰ ভিতৰত প্রৱেশ কৰিলে এগৰাকী মধ্য বয়সীয়া ব্যক্তিয়ে৷ এই ব্যক্তিগৰাকীৰ সৈতে এটি শিশু৷ শিশুটোক সিংহৰ পিঠিত তুলি দিলে তেওঁ৷ তাৰ পিছত অন্য এটি শিশু আহিল৷ এই শিশুটোকো সিংহৰ পিঠিত বহুৱাই দিলে৷ কিছু সময়ৰ ভিতৰতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷ সিংহৰ গর্জনত চৌদিশ কঁপি উঠিল৷ কথমপি শিশু দুটিক লৈ সিংহৰ পিঞ্জৰাৰ পৰা পলায়ন কৰিলে ব্যক্তিগৰাকীয়ে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’৷ ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ নিন্দাৰ সন্মুখীন হ’বলগীয়া হৈছে শিশু দুটিৰ পিতৃ৷ এই ব্যক্তিগৰাকীক শিশু দুটিৰ পিতৃ বুলিয়েই ধাৰণা কৰা হৈছে৷ সিংহৰ পিঠিত এনেদৰে নিজৰ শিশুক তুলি দিয়াৰ ভিডিঅ’টো কোন স্থানৰ, সেয়া স্পষ্ট নহয়৷ কিন্তু অভিভাৱকৰ এই বেপৰোৱা মনোভাবক বিভিন্ন মহলে নিন্দা কৰিছে৷ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে- হঠাতে পিঞ্জৰাৰ ভিতৰত শিশু দুটিক লৈ উপস্থিত হৈছে ব্যক্তিগৰাকী৷ হাঁহি হাঁহি এটি শিশুক সিংহৰ পিঠিত তেওঁ উঠাই দিছে৷ প্রথমবাৰত নোৱাৰিলেও দ্বিতীয়বাৰ চেষ্টা কৰি সিংহৰ পিঠিত উঠাই দিয়ে৷ কিন্তু এই ঘটনাক কোনোধৰণৰ পৰোৱাই কৰা নাই পশুৰাজে৷ দ্বিতীয় শিশুটিকো ব্যক্তিগৰাকীয়ে হাঁহি হাঁহি সিংহৰ পিঠিত উঠাই দিয়ে আৰু নিজে গৈ সিংহটোৰ কেশৰত ধৰাৰ চেষ্টা চলায়৷ ইমান সময়ে শান্ত হৈ থকা পশুৰাজৰ ধৈর্যৰ বান্ধ ছিঙি যায়৷ প্রচণ্ড গর্জনেৰে গা জোকাৰি দিয়াৰ লগে লগে দুয়োটা শিশু দূৰত গৈ ছিটিকি পৰে৷ ইফালে, এই ব্যক্তিগৰাকীক আক্রমণৰ বাবে উদ্যত হয় সিংহটো৷ কোনোমতে শিশু দুটিক পিঞ্জৰাৰ পৰা বাহিৰলৈ উলিয়াই প্রাণ লৈ পলায় এই ব্যক্তিগৰাকীয়ে৷ ব্যক্তিগৰাকীৰ দায়িত্বজ্ঞানহীন কার্যক লৈ বিভিন্ন মহলে ছ’চিয়েল মিডিয়াত নিজৰ ক্ষোভ উজাৰিছে৷

You might also like