নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰণী ধ্বংসৰ বাৰ্তা নেকি এংলাৰফিছ? সঘন ভূমিকম্পৰে ইয়াৰ সম্পৰ্ক কি?

শুভ্ৰাশ্ময় কাশ্যপৰ প্ৰতিবেদন, ২৮ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ পৃথিৱীৰ কেইবাটাও অঞ্চলত সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভৱ হোৱা দেখা গৈছে। তাৰ ভিতৰত অসম (৫.৩) আৰু নেপাল (৫.৫)ত হোৱা কম্পন লক্ষণীয় হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন উপকূলীয় অঞ্চলত গভীৰ সাগৰত বাস কৰা জীৱ, যেনে অ’ৰফিছ আৰু এংলাৰফিছৰ সমুদ্ৰ পৃষ্ঠত অস্বাভাৱিক আচৰণে এতিয়া বিশ্বজুৰি বিভিন্ন কৌতূহলৰ সৃষ্টি কৰিছে। এই দুই পৰিঘটনাৰ সংগমৰ ফলত, দুয়োৰে মাজত সম্ভাব্য সংযোগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাৰ বিষয়ে চাঞ্চল্যতাৰ সৃষ্টি কৰিছে। এই বিষয়ে আলোচনা কৰিবলৈ হ’লে বিগত ভূমিকম্পীয় কাৰ্যকলাপ আৰু এই জীৱসমূহৰ আচৰণৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। তথ্য অনুসৰি উত্তৰ-পূব ভাৰতত অৱস্থিত অসমত বিগত সময়ছোৱাত ধাৰবাহিকভাৱে ভূমিকম্পৰ অনুভৱ কৰা দেখা গৈছে। কেৱল ২০২৩ চনত অসমত ৬৮টা জোকাৰণি অনুভৱ হৈছে, যাৰ মাত্ৰা ২.১ৰ পৰা ৫.০ প্ৰাবল্যতকৈও অধিক। উল্লেখনীয় যে মধ্য অসম বিশেষকৈ কপিলী আৰু আথেৰখেত অঞ্চল তথা ইয়াৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চল এনে বহু ভূমিকম্পৰ কেন্দ্ৰবিন্দু। ২০২৩ চনত সমগ্ৰ উত্তৰ-পূব ভাৰতত মুঠ ৪৫০ টা সৰু-ডাঙৰ কম্পন অনুভৱ কৰা হৈছে। ২০২৫ চনৰ জানুৱাৰী মাহত নেপাল-তিব্বত সীমান্তৰ সমীপত ৭.১ প্ৰাবল্যৰ এক ডাঙৰ ভূমিকম্পৰ সৃষ্টি হৈছিল, যাৰ জোকাৰণি নেপাল, তিব্বত আৰু চীন পৰ্যন্তলৈ অনুভৱ কৰা হৈছিল। ইয়াৰোপৰি ৰাষ্ট্ৰীয় টিভিৰ এক তথ্য মতে ভূমিকম্পীয়ভাৱে সক্ৰিয় হিমালয় বেল্টত অৱস্থিত নেপালত ২০২৩ চনৰ অক্টোবৰ মাহত ২৬ মিনিটৰ ভিতৰত দুটা ডাঙৰ ভূমিকম্পৰ সৃষ্টি হৈছিল, যাৰ প্ৰাবল্য ক্ৰমে ৪.৫ আৰু ৬.২ মেগনিটিউট আছিল। ইয়াৰ কম্পন দিল্লীৰ এন চি আৰ অঞ্চলকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত অনুভৱ কৰা হৈছিল। অন্য এক ৰাষ্ট্ৰীয় নিউজত প্ৰকাশিত এক বাতৰি অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহত নেপাল- তিব্বত সীমান্তত সৃষ্টি হোৱা ভূমিকম্পত ৫০জনতকৈ অধিক লোক নিহত হৈছিল আৰু বহুতো লোক আহত হৈছিল। ভাৰতীয় আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংযোগস্থলত অৱস্থিত এই অঞ্চলটো বিগত পাঁচ বছৰত ৩.০ প্ৰাবল্যতকৈ অধিক ২৯ টা কম্পনৰ সাক্ষী হৈ পৰিছে। বৰ্তমান সময়ত অৰ্থাৎ ২০২৫ চনৰ শেষৰফালে পোলেণ্ড, ইটালী আদিকে ধৰি বিশ্বজুৰি ১০ টা ডাঙৰ ভূমিকম্প অনুভৱ কৰা হৈছে । এই ঘটনাৰ সমান্তৰালভাৱে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে যে মেক্সিকোৰ বাজা, কেলিৰ্ফণিয়াৰ ছুৰ আদিৰ লগতে বিভিন্ন দেশৰ উপকূলীয় অঞ্চলসমূহত “ডুমছডে” অৰ্থাৎ “প্ৰলয়ৰ দিন” হিচাপে খ্যাত অ’ৰফিছ সমুদ্ৰৰ গভীৰৰ পৰা পৃষ্ঠলৈ উঠি অহা দেখা গৈছে। আনহাতে, এই ঘটনাৰ পাছতে গভীৰ সাগৰত বাস কৰা আন এক জীৱ এংলাৰফিছ, যাক “ব্লেক ছি ডেভিল” বুলি কোৱা হয়, একে ধৰণে সাগৰৰ ওপৰলৈ উঠি অহা দেখা গৈছে। উল্লেখযোগ্য যে সাধাৰতে এই দুয়োবিধ প্ৰজাতি সাগৰৰ পৃষ্ঠৰ পৰা ২০০ৰ পৰা ২০০০ মিটাৰ গভীৰত বাস কৰে আৰু খুব কমেইহে সমুদ্ৰৰ ওপৰলৈ উঠি আহে।

এই দুই পৰিঘটনাৰ সংগমক এক ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী হিচাপে গণ্য কৰি বিশ্বজুৰি কৌতূহল আৰু চাঞ্চল্যতাৰ সৃষ্টি হোৱা দেখা গৈছে। দেখা যায় যে ২০১১ চনত জাপানৰ বিধ্বংসী ভূমিকম্প আৰু ছুনামিৰ আগমুহূৰ্তত উপকূল অঞ্চলত বহুতো অ’ৰফিছ উঠি অহা দেখা গৈছিল। যিয়ে এনে ধৰণৰ পৰিঘটনাসমূহক দুৰ্যোগৰ আগজাননী হিচাপে থকা স্থানীয় বিশ্বাসক আৰু অধিক শক্তিশালী কৰি তুলিলে। কিন্তু বিজ্ঞানীসকলে ইয়াৰ আবিৰ্ভাৱৰ কাৰণ দুৰ্যোগৰ ভৱিষ্যদ্বাণীতকৈ পানীৰ অৱস্থাৰ পৰিৱৰ্তন বুলিহে মত দাঙি ধৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ গ’লে ইয়াৰ বিভিন্ন কাৰণ দেখা পোৱা যায়-

১) পৰিৱেশতন্ত্ৰৰ বিঘিনি : গভীৰ সাগৰৰ জীৱসমূহ সুস্থিৰ, আন্ধাৰ আৰু উচ্চ সামুদ্ৰিক চাপ থকা পৰিৱেশত বাস কৰে। পানীৰ তলত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ বা টেকটনিক প্লেটৰ পৰিৱৰ্তন আদি ঘটনাৰ ফলত এই জীৱবোৰ ওপৰলৈ উঠি আহে।

২) পানীৰ উষ্ণতাৰ পৰিৱৰ্তন : এল নিনো বা জলবায়ু পৰিবৰ্তনৰ দৰে পৰিঘটনাই সাগৰৰ উষ্ণতা আৰু সোঁতৰ পৰিৱোন ঘটাব পাৰে।

৩) প্ৰদূষণ আৰু বাসস্থানৰ ক্ষতি : ৰাসায়নিক পদাৰ্থৰ নিৰ্গমন, প্লাষ্টিকৰ আৱৰণ আৰু শব্দ প্ৰদূষণে গভীৰ সাগৰৰ পৰিৱেশ তন্ত্ৰক বিঘ্নিত কৰিব পাৰে। ফলত এনে জীৱবোৰ অগভীৰ পানীলৈ উঠি আহিব পাৰে।

৪) অসুস্থতা : স্বাস্থ্যজনিত সমস্যাৰ বাবেও কিছুমান জীৱ ওপৰলৈ উঠি আহিব পাৰে, কাৰণ শাৰীৰিক দুৰ্বলতাৰ বাবে প্ৰাণীবোৰে সাগৰৰ অধিক চাপৰ সৈতে মোকাবিলা কৰিব নোৱাৰে।

ইয়াৰ উপৰি সাগৰৰ তলৰ বৃহৎ ভূমিকম্পই ছুনামিৰ সৃষ্টি কৰে, যাৰ ফলত পানীৰ তলত পৰিৱেশ অশান্ত হৈ পৰে আৰু তাৰ জীৱবোৰক স্থানচ্যুত কৰিব পাৰে। প্ৰকৃততে ভূমিকম্পৰ কাৰ্যকলাপে মাজে মাজে গভীৰ সাগৰৰ জীৱসমূহক প্ৰভাৱিত কৰিব পাৰে যদিও এনে পৰিঘটনা দুৰ্যোগৰ আগজাননীতকৈ পৰিৱেশৰ চাপ বা বিজুতিৰ বাবে হে বেছিকৈ সংঘটিত হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে। শেহতীয়া ভূমিকম্পৰ সৈতে অ’ৰফিছ আৰু এংলাৰফিছ আদিৰ দৰে গভীৰ সাগৰৰ জীৱৰ অস্বাভাৱিক আচৰণৰ প্ৰত্যক্ষ সম্পৰ্কৰ কোনো সুনিৰ্দিষ্ট বৈজ্ঞানিক প্ৰমাণ পোৱা নাই।

ফোন: ৮৪৮৬৯৪৪৫৩৮

You might also like