নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহ কাৰাগাৰতে থাকিব লাগিব ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাস

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ ডিচেম্বৰঃ বাংলাদেশত দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ দাস এমাহ কাৰাগাৰত থাকিব লাগিব। বাংলাদেশ আদালতে তেওঁৰ জামিন আবেদনৰ শুনানি অহা মাহলৈ পিছুৱাই দিছে। আচলতে জামিন আবেদনৰ শুনানি আজি হ’ব লাগিছিল যদিও কোনো অধিবক্তাই শুনানিৰ বাবে আদালতত হাজিৰ হোৱা নাছিল। ইয়াৰ পূৰ্বে ইস্কনে চিন্ময় কৃষ্ণ দাসৰ পক্ষ লোৱা বাংলাদেশী অধিবক্তাক ইছলামিক মৌলবাদীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা বুলি দাবী কৰিছিল। বৰ্তমান তেওঁ আই চি ইউত আছে। এই আক্ৰমণৰ পিছত আজি জামিনৰ শুনানিৰ সময়ত অধিবক্তাসকলে হাজিৰ হ’বলৈ অস্বীকাৰ কৰে, তাৰ পিছত চট্টগ্ৰাম আদালতে শুনানি স্থগিত ৰাখে। আদালতে শুনানিৰ পৰৱৰ্তী তাৰিখ ২০২৫ চনৰ ২ জানুৱাৰী হিচাপে নিৰ্ধাৰণ কৰিছে। বাংলাদেশৰ দৈনিক কাকত দ্য বিজনেছ ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এক বাতৰি অনুসৰি বাংলাদেশ সমিতা সনাতনী জাগৰণ জোঁটে প্ৰায় ৭০জন হিন্দু অধিবক্তাৰ বিৰুদ্ধে চিন্ময় কৃষ্ণ দাসৰ জামিনৰ শুনানিত উপস্থিত থাকিব নোৱাৰাৰ বাবে ভুৱা গোচৰ ৰুজু কৰা বুলি অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৱে জনোৱা মতে, অধিবক্তাসকলৰ বিৰুদ্ধে বিস্ফোৰক আইনৰ অধীনত চট্টগ্ৰামৰ কোতৱালি থানাত পঞ্জীয়ন হোৱা গোচৰৰ বিচাৰ চলি আছে, যাতে তেওঁলোকে চিন্ময় দাসৰ হৈ যুক্তি দিব নোৱাৰে।

You might also like