নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইজৰাইলৰ

🔹 গাজাৰ পৰা ইজৰাইলৰ আৱাসিক এলেকাত ২০ মিনিটত ৫,০০০ ৰকেট নিক্ষেপ হামাছৰ

🔹 ৰকেট নিক্ষেপৰ পিছতে ইজৰাইলৰ ভূমিত প্রৱেশ সন্ত্রাসবাদীৰ, ২২ ইজৰাইলী নিহত

বিশেষ বাৰ্তা, ৭ অক্টোবৰ : পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইজৰাইলৰ৷ গাজাৰ পৰা প্রথম ২০ মিনিটতে ৫,০০০তকৈ অধিক ৰকেট নিক্ষেপ কৰি হামাছে ‘অপাৰেছন অল আক্সা ফ্লাড’ আৰম্ভ কৰি ইজৰাইলৰ ভূমিত ভয়াৱহ আক্রমণ চলোৱাৰ পিছতে হামাছৰ বিৰুদ্ধে আনুষ্ঠানিক যুদ্ধ ঘোষণা কৰিলে ইজৰাইলে৷ পেলেষ্টাইনৰ গাজাৰ পৰা হামাছ সন্ত্রাসবাদীয়ে ৫ সহস্রাধিক ৰকেট নিক্ষেপ কৰাত আৱাসিক অঞ্চলত ২২জনতকৈ অধিক ইজৰাইলীয়ে প্রাণ হেৰুওৱাৰ লগতে তিনি শতাধিক আহত হৈছে৷ আকাশমার্গেৰে ৰকেট নিক্ষেপ কৰাৰ সমান্তৰালকৈ হামাছ সন্ত্রাসাবাদীয়ে বিভিন্ন দিশেৰে ইজৰাইলৰ ভূমিত প্রৱেশ কৰে৷ বিভিন্ন স্থানত হামাছৰ সন্ত্রাসবাদীয়ে ইজৰাইলী লোকৰ ওপৰত জধে–মধে গুলীচালনা কৰাৰ সমান্তৰালকৈ চোকা অস্ত্রৰেও আক্রমণ চলাইছে৷ ইজৰাইলৰ দক্ষিণ আৰু মধ্য অঞ্চলত হামাছ সন্ত্রাসবাদীয়ে প্রৱেশ কৰাৰ পিছতে পবিত্র চহৰ জেৰুজালেমত ছাইৰেণ বজাই নাগৰিকক সতর্কবাণী জনাইছে৷ গাজাৰ পৰা হামাছে ৰকেট নিক্ষেপ কৰাৰ উপৰি মটৰ সংযোজিত গ্লিডাৰেৰে ইজৰাইলৰ ভূমিত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ দেশখনত হঠাতে হামাছে আক্রমণ চলাই পৰিস্থিতি উত্তপ্ত কৰাৰ পিছত ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে কয়- দেশ এতিয়া যুদ্ধত অৱতীর্ণ হৈছে৷ হামাছে অভাৱনীয় মূল্য ভৰিব লাগিব৷ ইজৰাইলবাসী এয়া কোনো অভিযান নহয়, এয়া কোনো আক্রমণো নহয়, এয়া যুদ্ধ আৰু আমি জয়ী হ’ম৷ ইপিনে, ইজৰাইলত হামাছৰ আক্রমণৰ পিছত দেশখনে যুদ্ধ ঘোষণা কৰাক লৈ সৃষ্ট পৰিস্থিতি সন্দর্ভত সূক্ষ্ম নিৰীক্ষণ ৰাখিছে ভাৰত চৰকাৰে৷ দেশখনৰ পৰিস্থিতিক লৈ নিৰীক্ষণ কৰি থকা নতুন দিল্লীয়ে আজি ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলৰ প্রতি সতর্কতামূলক জাননী জাৰি কৰিছে৷ পৰামর্শমূলক জাননী জাৰি কৰি নতুন দিল্লীয়ে কৈছে যে দেশখনৰ পৰিস্থিতিক লৈ নিৰীক্ষণ কৰি থকা চৰকাৰে ইজৰাইলত থকা ভাৰতীয় লোকসকলক সজাগ আৰু নিজৰ সুৰক্ষা বর্তাই ৰাখিবলৈ আহ্বান জনাইছে৷ কোনো কাৰণতে অনাহকত দেশখনৰ কোনো স্থানলৈ ভ্রমণ নকৰাৰ লগতে ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে চৰকাৰে৷ বাতৰি যুগুতোৱা সময়লৈকে হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে ইজৰাইলৰ সেনাই৷ ইতিমধ্যে গাজাক লক্ষ্য কৰি ইজৰাইলে অপাৰেছন ‘আইৰন ছর্ড’ আৰম্ভ কৰিছে৷ উল্লেখ্য যে ১৯৬৭ চনত আৰব–ইজৰাইলী যুদ্ধৰ সময়ত ইজৰাইলে ৱেষ্ট বেংক, পূব জেৰুজালেম আৰু গাজাষ্ট্রীপ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে৷ পেলেষ্টাইনীয়ে এই অঞ্চলসমূহ স্বতন্ত্র হিচাপে নিজৰ দখলত ৰাখিব বিচাৰে৷ বিগত বর্ষত ইজৰাইল আৰু পেলেষ্টাইনীৰ মাজত সংঘাত তীব্রতৰ হৈ উঠে৷ ইজৰাইলৰ বেঞ্জমিন নেতান্যেহু চৰকাৰে পেলেষ্টাইনী সন্ত্রাসবাদী হিচাপে গণ্য কৰি কঠোৰতম ব্যৱস্থা গ্রহণৰ ঘোষণা কৰে৷ ২০২৩ চনতেই ৱেষ্ট বেংকত ইজৰাইলী সেনাই ২০০তকৈ অধিক পেলেষ্টাইনীক হত্যা কৰিছে৷ ইয়াৰ প্রত্যুত্তৰ জনাই পেলেষ্টাইনীয়ে কেইবা ডজন ইজৰাইলী নাগৰিকক হত্যা কৰিছে৷ পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীৰ মুৰব্বী মহম্মদ ডেইফে শত্রু ইজৰাইলৰ বিৰুদ্ধে ভয়াৱহ ‘অপাৰেছন অল আক্সা’ ঘোষণা কৰি আজি পুৱাৰে পৰা ৰকেট নিক্ষেপেৰে আক্রমণ আৰম্ভ কৰিছে৷

You might also like