নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিৰিয়াৰ ৮০ শতাংশ অস্ত্রভাণ্ডাৰ ধ্বংস ইজৰাইলৰ

🔹 আছাদবিহীন যুদ্ধবিধ্বস্ত দেশক নিৰস্ত্র কৰিলে বেঞ্জামিন নেতান্যেহুৰ সেনাই

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ছিৰিয়াত ৰাষ্ট্রপতি বাছাৰ আল–আছাদৰ পতনৰ পিছত দ্রুত পৰিৱর্তন ঘটিছে ভূমধ্য সাগৰীয় অঞ্চলৰ ভূ–ৰাজনৈতিক পৰিস্থিতিৰ৷ লক্ষণীয়ভাৱে অঞ্চলটোৰ পৰা ৰাছিয়াৰ হস্তক্ষেপ বন্ধ হৈছে৷ এই অৱস্থাত ৪৮ ঘণ্টাৰ ভিতৰত ছিৰিয়াত চাৰি শতাধিক বোমা আক্রমণ চলায় ইজৰাইলী সেনাই৷ ধাৰণা কৰা হৈছেক, এই আক্রমণৰ ফলত ছিৰিয়াৰ ৮০ শতাংশ অস্ত্রভাণ্ডাৰ ধ্বংস হৈ গৈছে৷ লক্ষণীয়ভাৱে ইজৰাইলী সেনাই বাছি বাছি আছাদবিহীন ছিৰিয়াত কেৱল অস্ত্রভাণ্ডাৰসমূহত আক্রমণ চলাইছে৷ বেঞ্জামিন নেতান্যেহুৰ বাহিনীয়ে কিয় দেশখনত অস্ত্রভাণ্ডাৰসমূহত আক্রমণ চলালে, তাক লৈ প্রশ্ণৰ অৱতাৰণা হৈছে৷ যোৱা ৮ ডিচেম্বৰত অৱসান ঘটে ছিৰিয়াত ১৩ বছৰীয়া ৰক্তক্ষয়ী গৃহযুদ্ধৰ৷ বিদ্রোহী বাহিনীৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ বাধ্য হয় আছাদ বাহিনীয়ে৷ ৰাষ্ট্রপতি পদ ত্যাগ কৰি পৰিয়ালসহ আছাদে ৰাছিয়ালৈ পলায়ন কৰে৷ প্রথমৰে পৰা সমগ্র পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল ইজৰাইলে৷ আছাদে ৰাছিয়ালৈ পলায়ন কৰাৰ লগে লগে ইজৰাইলী সেনাই ছিৰিয়াত আৰম্ভ কৰে বোমাবর্ষণ৷ ৰাজধানী ডামাস্কাছৰ পৰা আৰম্ভ কৰি হোমছৰ দৰে ডাঙৰ ডাঙৰ চহৰৰ সেনা ঘাটিবোৰত বোমাবর্ষণ কৰে ইজৰাইলে৷ এক বিবৃতিত ইজৰাইলী সেনাই সদৰী কৰিছে যে ছিৰিয়াৰ ৮০ শতাংশ অস্ত্রভাণ্ডাৰ ধ্বংস কৰা হৈছে৷ ডামাস্কাছ, হোমছ, টার্টুছ, লাটাকীয়া আৰু পালমিড়াৰ বিমানঘাটি, জেট–বিধ্বংসী বেটাৰী, ক্ষেপণাস্ত্র, ড্রোন, যুদ্ধবিমান, টেংক আৰু অস্ত্র উৎপাদনৰ কেন্দ্রবোৰত ৩৫০টাতকৈ অধিক বোমাবর্ষণ কৰা বুলি বিবৃতিটোত ঘোষণা কৰা হৈছে ৷ নৌ সেনাৰ ঘাটিতো আক্রমণ চলায় ইজৰাইলী সেনাই৷ এই আক্রমণৰ ফলত বহু যুদ্ধবিমানো ধ্বংস হৈছে৷ অর্থাৎ, ছিৰিয়াক সম্পূর্ণৰূপে নিৰস্ত্র কৰাৰ বাবে এই আক্রমণ চলায় ইজৰাইলে৷

You might also like