নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইল–হিজবুল্লাৰ যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ

🔹 আমেৰিকা–ফ্রান্সৰ উদ্যোগত মধ্যপ্রাচ্যত শান্তিৰ আশা

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : আক্রমণ–প্রত্যাক্রমণত কেইবাহাজাৰো লোকৰ প্রাণহানি হোৱাৰ পিছত অৱশেষত আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে৷ ইজৰাইল আৰু লেবাননৰ সশস্ত্র সংগঠন হিজবুল্লাৰ মাজত সম্পন্ন হৈছে যুদ্ধবিৰতি চুক্তি৷ পৰহি নিশা যুদ্ধবিৰতিৰ পক্ষত ভোট দিয়ে ইজৰাইলৰ মন্ত্রীসভাই৷ ইয়াৰ পিছতে নীতিগতভাৱে এই চুক্তিক অনুমোদন জনায় প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে৷ কালি স্থানীয় সময় অনুসৰি, পুৱা চাৰি বজাৰ পৰা বলৱৎ হৈছে এই যুদ্ধবিৰতি৷ দুমাহৰ বাবে পৰস্পৰৰ বিৰুদ্ধে আক্রমণ নচলায় বুলি প্রতিশ্রুতি দিছে৷ পৰিস্থিতি অনুসৰি, চুক্তিৰ ম্যাদ বৃদ্ধি হ’ব পাৰে৷ হিজবুল্লা আৰু ইজৰাইলৰ মাজত এই যুদ্ধবিৰতিৰ মূল কাৰিকৰ হৈছে আমেৰিকা তথা ফ্রান্স৷ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে মন্তব্য কৰিছে যে মধ্যপ্রাচ্যৰ বাবে এয়া এক আশাৰ খবৰ৷ ইজৰাইল আৰু লেবাননৰ প্রধানমন্ত্রীয়ে আমেৰিকাৰ প্রস্তাৱ মানি ধ্বংসাত্মক যুদ্ধৰ অৱসান ঘটাবলৈ সন্মতি প্রকাশ কৰা বুলি বাইডেনে মন্তব্য কৰে৷ আমেৰিকাৰ উপৰি এই শান্তি প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ফ্রান্সেও৷ ইজৰাইলৰ প্রধানমন্ত্রী নেতান্যেহুৱে এই চুক্তি স্বাক্ষৰ হোৱাৰ বাবে আমেৰিকাক ধন্যবাদ জনাইছে৷ কিন্তু একেলগে প্রধানমন্ত্রীগৰাকীয়ে এই বার্তাও দিছে যে যুদ্ধবিৰতি স্বাক্ষৰ হ’লেও ইয়াৰ ম্যাদ কিমান দিনলৈ থাকিব সেনা নির্ভৰ কৰিব লেবাননৰ ওপৰত৷ চর্ত উলংঘা কৰিলে কঠোৰ প্রত্যুত্তৰ দিয়া হ’ব বুলি নেতান্যেহুৱে মন্তব্য কৰে৷ ইফালে, এই যুদ্ধবিৰতি চুক্তিক লৈ মধ্যপ্রাচ্যত শান্তি প্রতিষ্ঠা হ’ব বুলি আশা প্রকাশ কৰিছে ভাৰতে৷

You might also like