নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাৰ হাস্পতালত পুনৰ ইজৰাইলৰ আঘাত

🔹 ৰোগীসহ প্ৰাণহানি ১২জনৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : যুদ্ধভূমি গাজাৰ হাস্পতালত পুনৰ ইজৰাইলে বোমাবর্ষণ কৰিছে৷ ইজৰাইলী সেনাৰ এই নৃশংস বোমাবর্ষণৰ ঘটনাত প্রাণ হেৰুৱাইছে ১২গৰাকী লোকে৷ হামাছ পৰিচালিত গাজাৰ স্বাস্থ্য মন্ত্রণালয়ে সদৰী কৰিছে এই তথ্য৷ হাস্পতালত কেইবাগৰাকীও মুমূর্ষু ৰোগী ইজৰাইলৰ এই হিংস্র আক্রমণত নিহত হৈছে৷ গুৰুতৰভাৱে আহত হৈছে অন্য কেইবাগৰাকীও লোক৷ গাজা চহৰৰ ইন্দোনেছিয়ান এখন হাস্পতালত কালি ইজৰাইলী সেনাই নির্বিচাৰভাৱে বোমাবর্ষণ কৰে৷ স্বাস্থ্য মন্ত্রণালয়ৰ মুখপাত্র আশ্রাফ আল–কুদৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি হাস্পতালখনত বোমাবর্ষণৰ ফলত তাৎক্ষণিকভাৱে ২২গৰাকী লোক নিহত হৈছে৷ উল্লেখনীয় যে হাস্পতালত কমপক্ষেও ৭০০গৰাকী লোক আবদ্ধ হৈ আছে৷

You might also like