কর্ণাটকত ইজৰাইলী মহিলা পর্যটকক দলবদ্ধ ধ*র্ষণ
🔹 নাৰী দিৱসত লজ্জাজনক ঘটনা
নিউজ ডেস্ক, ৯ মার্চ : আন্তর্জাতিক নাৰী দিৱসৰ দিনাই ইজৰাইলী পর্যটকক ধ*র্ষণৰ ঘৃণনীয় ঘটনা সংঘটিত হৈছে কর্ণাটকত৷ কর্ণাটকৰ হাম্পিৰ ওচৰত হোমষ্টেত থকা ইজৰাইলী মহিলা পর্যটক আৰু হোমষ্টেৰ মহিলা মালিকক ধ*র্ষণ কৰাৰ লগতে তেওঁলোকৰ সহযোগী তিনি পুৰুষ বন্ধুক নির্মমভাৱে প্রহাৰ কৰে দুর্বৃত্তৰ দল এটাই৷ দুর্বৃত্তৰ দলটোৱে মহিলা দুগৰাকীক ধ*র্ষণ কৰাৰ লগতে এই কার্যত বাধা দিয়া তিনি পুৰুষ বন্ধুক নির্মমভাৱে প্রহাৰ কৰি কেনেলত পেলাই দিয়ে৷ ইয়াৰে দুজনে কোনোমতে পানীৰ পৰা জীৱন ৰক্ষা কৰে যদিও কালি পুৱা এজনৰ মৃতদেহ উদ্ধাৰ হয়৷ এই ঘৃণনীয় ধ*র্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই কর্ণাটকত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত প্রকাশ কৰা মতে, হাম্পিৰ পৰা দুই কিলোমিটাৰ দূৰত সোণাপুৰ লেকত বৃহস্পতিবাৰে নিশা ১১ৰ পৰা ১১.৩০ বজাত জনপ্রিয় পর্যটনস্থলীত এই ঘটনাটো সংঘটিত হৈছে৷ বিদেশীৰ বাবে আকর্ষণৰ পর্যটনস্থলীত উক্ত দিনা এগৰাকী ইজৰাইলী মহিলা পর্যটকৰ লগত ওড়িশাৰ তিনি পুৰুষ বন্ধু হোমষ্টেত আছিল৷ এই হোমষ্টেটোৰ মালিকো আছিল এগৰাকী মহিলা৷ নৈশ আহাৰৰ পিছত আটাইকেইজনে তুংগাভদ্রা কেনেলৰ সমীপত বহি বার্তালাপত মত্ত আছিল৷ তেওঁলোকে সংগীতৰ আমোদো লৈ আছিল৷ সেই সময়তে তিনিজন বাইকত অহা দুর্বৃত্তই পেট্র’ল পাম্প কোনফালে আছে তাক জানিব বিচাৰে৷ তাৰ উত্তৰত হোমষ্টেৰ মালিকে ওচৰত কোনো পেট্র’ল পাম্প নাই বুলি কয়৷ তাৰ পিছত দুর্বৃত্তৰ দলটোৱে নগদ টকা বিচাৰে৷ তাকে লৈ তেওঁলোকৰ মাজত কাজিয়া হয়৷ দুর্বৃত্তৰ দলটোৱে কানাড়া আৰু তেলুগু ভাষাৰে কথা পাতি থাকি পিছলৈ মাৰপিটত লিপ্ত হয়৷ ইয়াৰ পিছতেই দুর্বৃত্তই পুৰুষকেইজনক কেনেলত পেলাই দিয়ে৷ পানীৰ পৰা উঠি আহিবলৈ চেষ্টা কৰি থাকোঁতেই আক্রমণকাৰীয়ে হোমষ্টেৰ মালিক আৰু ইজৰাইলী মহিলাগৰাকীক ধ*র্ষণ কৰে আৰু কিছু সময় পিছত দুর্বৃত্তই বাইক লৈ আঁতৰি যায়৷ হোমষ্টেৰ মালিকে আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তদন্ত চলাই আছে৷ ডগ স্কোৱাড লৈ আৰু অগ্ণিনির্বাপক বাহিনীয়ে দুর্বৃত্তৰ সন্ধান চলাই আছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, দুর্বৃত্তকেইটা স্থানীয় হোৱাৰেই সম্ভাৱনা বেছি৷