গাজা ষ্ট্রিপৰ ৫০০ হামাছ ঘাটিত আক্রমণ ইজৰাইলী সেনাৰ
🔹 যুদ্ধক লৈ উদ্বিগ্ন বিশ্ব
বিশেষ বাৰ্তা, ১০ অক্টোবৰ : হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে ইজৰাইলে৷ পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীয়ে গাজা ষ্ট্রিপৰ পৰা ইজৰাইল আক্রমণ কৰাৰ পাছতে ইজৰাইল চৰকাৰে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ একেদিনাই ইজৰাইলৰ সেনাই গাজা ষ্ট্রিপৰ ৫০০ হামাছ ঘাটিত আক্রমণ কৰি তচনচ কৰিছে প্রকাণ্ড প্রকাণ্ড অট্টালিকা৷ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলী সেনাৰ আক্রমণ–প্রত্যাক্রমণৰ ফলত গাজা আৰু ইজৰাইলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ হামাছ আৰু ইজৰাইলী সেনাৰ আক্রমণ–প্রত্যাক্রমণত ইতিমধ্যে সহস্রাধিক নিহত হোৱাৰ লগতে কেইবাসহস্র লোক আহত হৈছে৷ ইজৰাইলে প্রত্যুত্তৰ দি হামাছক সমূলঞ্চে নাশ কৰাৰ হুংকাৰ দি আকাশমার্গেৰে ৰকেট নিক্ষেপ কৰি গাজা ষ্ট্রিপৰ অধিকাংশ অঞ্চল ধ্বংসস্তূপত পৰিণত কৰিছে৷ ইজৰাইলী সেনাৰ আক্রমণত হামাছ সন্ত্রাসবাদীয়ে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ গাজা ষ্ট্রিপত ভূগর্ভস্থ সুৰংগত আশ্রয় লোৱা বুলি আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ইজৰাইল চৰকাৰে গাজা ষ্ট্রিপত হামাছৰ ঘাটিৰ ওচৰত থকা সাধাৰণ নাগৰিকক তাৰ পৰা আঁতৰি যাবলৈ নির্দেশ দিছে৷ হামাছ আৰু ইজৰাইলী সেনাৰ আক্রমণ–প্রত্যাক্রমণত ইতিমধ্যে ৰাজপথত মৃতদেহৰ দ’ম বান্ধিছে৷ ধ্বংসস্তূপৰ মাজত মৃতদেহ পৰি আছে৷ ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে প্রকাশ কৰা মতে, হামাছৰ ঘাটিত প্রথম নিশাই আক্রমণ চলোৱা হৈছে৷ এই আক্রমণৰ ফলত হামাছৰ কেইবাশ সন্ত্রসবাদী নিহত হৈছে৷ ইজৰাইলৰ আক্রমণৰ প্রত্যাহ্বান জনাই হামাছে গাজা ষ্ট্রিপৰ পৰা ইজৰাইলৰ ভূমিলৈ ৰকেট নিক্ষেপ কৰি আছে৷ অৱশ্যে হামাছৰ এই ৰকেট মাজআকাশতে ইজৰাইলে আইৰন ডমেৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে৷ এই ৰকেট ধ্বংসৰ ফলত আকাশত ক’লা ধোঁৱাৰ সমান্তৰালকৈ জুইৰ লেলিহান শিখা প্রত্যক্ষ কৰা হৈছে৷ ইজৰাইলৰ ইতিহাসত সবাতোকৈ ভয়াৱহ আক্রমণ চলোৱা হামাছক সমূলঞ্চে ধ্বংস নকৰালৈকে দেশৰ সেনাই আক্রমণ অব্যাহত ৰাখিব বুলি হুংকাৰ দি দেশখনৰ প্রতিৰক্ষা মন্ত্রী গেলাণ্টে কয় যে গাজা ষ্ট্রিপক সম্পূর্ণভাৱে দখল কৰা হ’ব৷ গাজা ষ্ট্রিপলৈ বিদ্যুৎ, খাদ্য, ইন্ধন আৰু আন কোনো সামগ্রী সৰবৰাহ হ’বলৈ দিয়া নহ’ব৷ উল্লেখ্য যে সম্প্রতি গাজাৰ আকাশ ইজৰাইলী সেনাই দখল কৰিবলৈ সক্ষম হ’লেও স্থলভাগেৰে এতিয়াও উক্ত অঞ্চলত প্রৱেশ কৰা নাই৷ হামাছ গেৰিলা সন্ত্রাসবাদীৰ প্রত্যাহ্বানৰ বাবে ইজৰাইলী সেনাই অতি সহজতে গাজা ষ্ট্রিপত প্রৱেশ কৰাটো জটিল হ’ব৷ দুয়ো দেশৰ মাজত চলি থকা যুদ্ধৰ সময়ত হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলীৰ ওপৰত চলোৱা নৃশংস হত্যাকাণ্ডৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলী সেনা আৰু নাগৰিকক কৰায়ত্ত কৰি নির্যাতন চলোৱাৰ ভিডিঅ’ প্রচাৰ কৰি থকা হৈছে৷ হামাছ আৰু ইজৰাইলী সেনাৰ মাজত চলা যুদ্ধৰ পৰিপ্রেক্ষিতত ইজৰাইলত থকা বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকক স্বদেশলৈ ওভতাই নিবৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ ৰোমানিয়া, থাইলেণ্ড, ছার্বিয়া, কাজাখস্তান, পোলেণ্ড, গ্রেট ব্রিটেইনকে ধৰি বিভিন্ন দেশে ইতিমধ্যে তেল আভিভৰ পৰা স্বদেশলৈ বিমানেৰে নিজ দেশৰ নাগৰিকক ওভতাই অনাৰ প্রক্রিয়া চলাই আছে৷ হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই পশ্চিম এছিয়াকে ধৰি মধ্য এছিয়াত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ইজৰাইলৰ আক্রমণত হামাছক সম্পূর্ণ সহযোগ ইৰানে কৰি থকা বুলি চর্চা হৈছে৷ ইৰানৰ সামৰিক সহায়তে হামাছে ইজৰাইলত ভয়াৱহ আক্রমণ কৰিবলৈ সমর্থ হৈছে বুলি প্রকাশ পাইছে৷ ইছলামিক বিশ্বৰ বিভিন্ন দেশৰ লগতে আৰবৰ জেহাদী, ৱেষ্ট বেংকৰ জেহাদীও এই আক্রমণত হামাছৰ সৈতে জড়িত হোৱাৰ তথ্য প্রকাশ পাইছে৷ লেবাননৰ পৰা ইতিমধ্যে হিজবুল্লাই ইজৰাইলক লক্ষ্য কৰি ৰকেট নিক্ষেপ কৰিছে৷ ইজৰাইলৰ বন্ধু ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রই হামাছক বিনাশ কৰাৰ বাবে সকলো সহায়ৰ প্রতিশ্রুতি দিয়াই নহয়, ইতিমধ্যে যুদ্ধ বিমান আৰু ৰণতৰী প্রেৰণ কৰিছে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ নির্দেশমর্মে ইতিমধ্যে ইউএছএছ গেৰাল্ড আৰ ফ’ড যুদ্ধ বিমান পৰিবাহী আৰু কেইবাখনো যুদ্ধ জাহাজ প্রেৰণ কৰা হৈছে৷ মন কৰিবলগীয়া যে হামাছে ইজৰাইলৰ শক্তিশালী চোৰাংচোৱাক ব্যর্থ কৰি ৬ অক্টোবৰৰ পুৱা আকাশ, স্থল আৰু জলমার্গেৰে আক্রমণ চলাই ইজৰাইলক ক্ষত–বিক্ষত কৰাৰ ব্লুপ্রিণ্ট লৈছিল৷ আকাশমার্গেৰে ২০ মিনিটত ইজৰাইললৈ পাঁচ হাজাৰ ৰকেট নিক্ষেপ কৰাৰ সমান্তৰালকৈ পেৰাগ্লাইডাৰ আৰু নাৱেৰে হামাছ সন্ত্রাসবাদী ইজৰাইলৰ দক্ষিণ প্রান্তত প্রৱেশ কৰি য’তে-ত’তে নৰসংহাৰ চলোৱাৰ তথ্য ভিডিঅ’যোগে প্রচাৰ হৈছে৷ আনপিনে, হামাছৰ এই আক্রমণৰ প্রতিশোধকল্পে ইজৰাইলী সেনাই গাজা ষ্ট্রিপক ধ্বংসস্তূপত পৰিণত কৰাৰ লগতে হামাছ সন্ত্রাসবাদীৰ নিধনযজ্ঞ চলাই আছে৷ এই যুদ্ধই বিশ্বৰ দেশসমূহৰ মাজত উদ্বিগ্ণতা বৃদ্ধি কৰিছে৷