নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রযান-৫ৰ বাবে ইছৰোক অনুমোদন কেন্দ্রীয় চৰকাৰৰ 

নিউজ ডেস্ক, ১৮ মাৰ্চঃ চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশ যান মসৃণ অৱতৰণেৰে বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে ইতিহাস সৃষ্টি কৰাৰ পাছত চন্দ্রযান–৫ অভিযানৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ চন্দ্রযান–৩ ইতিহাস সৃষ্টিকাৰী সফলতাৰ পাছত চন্দ্রযান–৫ত কেন্দ্রীয় চৰকাৰে অনুমোদন জনায়৷ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে প্রকাশ কৰা মতে চন্দ্রযান–৫ৰ জৰিয়তে চন্দ্রপৃষ্ঠলৈ ২৫০ কিলোগ্রাম ওজনৰ ৰ’ভাৰ প্রেৰণ কৰিব৷ অর্থাৎ ইতিহাস সৃষ্টিকাৰী চন্দ্রযান–৩ অভিযানৰ প্রজ্ঞানতকৈ ১০ গুণ ওজনৰ মহাকাশ যান চন্দ্রলৈ প্রেৰণ কৰিব৷ উল্লেখ্য যে চন্দ্রযান–৩ত প্রজ্ঞান যান ৰ’ভাৰখন ২৫ কিলোগ্রাম ওজনৰ আছিল৷ চন্দ্রযান–৫ত এই যানখনৰ ওজন হ’ব ২৫০ কিলোগ্রাম৷ জাপানৰ সৈতে এই অভিযান চলাব ইছৰোৱে৷ ইছৰোৰ অধ্যক্ষ নাৰায়ণনে প্রকাশ কৰা মতে চন্দ্রপৃষ্ঠৰ গভীৰ অধ্যয়ন আৰু বিশ্লেষণ কৰাৰ বাবেই পূর্বতকৈ অধিক অত্যাধুনিক ৰ’ভাৰ প্রেৰণ কৰা হ’ব৷ তিনি দিন পূর্বেই কেন্দ্রীয় চৰকাৰে চন্দ্রযান–৫ অভিযানত অনুমোদন জনাইছে৷ জাপানৰ মহাকাশ প্রযুক্তিৰ সহযোগ লৈ এই অভিযান চলাব৷ দুয়োখন দেশৰ মহাকাশ প্রযুক্তিৰ সক্ষমতাই এই অভিযানত আন এক ইতিহাস গঢ়াৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ২০০৮ চনত চন্দ্রযান–১ অভিযান আৰম্ভ হৈছিল আৰু এই অভিযান সফল হৈছিল৷ ইয়াৰ পাছৰে পৰা চন্দ্রৰ গভীৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ইছৰোৱে চন্দ্রযান অভিযানৰ ছিৰিজ চলাই আছে৷ ইপিনে, চন্দ্রযান–৪ অভিযান ২০২৭ চনৰ শেষৰফালে উৎক্ষেপণ কৰা হ’ব৷ এই অভিযানৰ লক্ষ্য হৈছে চন্দ্রপৃষ্ঠৰ পৰা নমুনা সংগ্রহ কৰি পৃথিৱীলৈ উভতি অহা৷ ইয়াৰ পাছতে চন্দ্রযান–৫ আৰু চন্দ্রযান–৬ অভিযান আৰম্ভ হ’ব৷

You might also like