নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূর্যৰ বিস্তৃত গৱেষণাৰ বাবে ছেপ্টেম্বৰত আদিত্য এল–১ প্রেৰণ কৰিব ইছৰ’ৱে !

🔹 চন্দ্রযান–৩ৰ সফলতাক লৈ উৎফুল্লিত ইছৰ’ৰ মুৰব্বী এছ সোমনাথ

বিশেষ বাৰ্তা, ২৪ আগষ্ট : জোনবাইৰ বুকুত প্রজ্ঞানৰ প্রথমটো খোজ৷ ইতিহাস সৃষ্টিৰে কালি চন্দ্রৰ দক্ষিণ মেৰুত চন্দ্রযান–৩ৰ বিক্রম লেণ্ডাৰে মসৃণ অৱতৰণ কৰাৰ পাছত বিক্রমৰ বুকুৰ পৰা চন্দ্রপৃষ্ঠত অৱতৰণ কৰি ৰ’ভাৰ প্রজ্ঞানে প্রথমটো খোজ দিলে৷ অর্থাৎ চন্দ্রৰ বুকুত ভাৰতে প্রথমটো খোজ দিলে৷ আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ই চন্দ্রৰ দক্ষিণ মেৰুত ৰ’ভাৰ প্রজ্ঞানৰ প্রথমটো খোজৰ আলোকচিত্র প্রচাৰ কৰি ‘মেড ইন ইণ্ডিয়া, মেড ফৰ মুন’ শীর্ষকেৰে মহাকাশ অভিযানত ভাৰতৰ অবিস্মৰণীয় সফলতাৰ বিৰল নিদর্শন দাঙি ধৰে৷ কালি সন্ধিয়া ৬.০৪ বজাত বিক্রম লেণ্ডাৰে সফলতাৰে চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত মসৃণ অৱতৰণ কৰাৰ কেইঘণ্টামান পাছত বিক্রমৰ বুকুৰ পৰা চন্দ্রৰ মাটিলৈ নামি আহে ৰ’ভাৰ প্রজ্ঞান৷ এই অবিস্মৰণীয় দৃশ্যৰ আলোকচিত্র প্রচাৰ কৰাৰ পাছত ৰ’ভাৰৰ চন্দ্রত কার্যকলাপ আৰম্ভৰ বার্তাও ইছৰ’ই প্রকাশ কৰে৷ ইপিনে, চন্দ্রযান–৩ৰ সফলতাক লৈ উৎফুল্লিত ইছৰ’ৰ মুৰব্বী এছ সোমনাথে আজি চন্দ্রৰ দক্ষিণ মেৰুক কিয় অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছিল, তাক লৈ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম এটাৰ সৈতে হোৱা কথোপকথনত ইছৰ’ৰ মুৰব্বী এছ সোমনাথে চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠত ভাৰতে মহাকাশ বিশ্রাম ক্ষেত্র কিম্বা হল্ট ষ্টেচন স্থাপনৰ প্রথমটো পদক্ষেপ বুলি কয়৷ পৃথিৱীৰ বিজ্ঞানীসকলে চন্দ্রৰ বুুকুত মহাকাশ অভিযানৰ সময়ত বিশ্রাম ক্ষেত্র কিম্বা হল্ট ষ্টেচন স্থাপনৰ পৰিকল্পনা আৰু গৱেষণা চলাই থকাৰ মাজতে চন্দ্রযান–৩ৰে চন্দ্রৰ দক্ষিণ মেৰু পৃষ্ঠ বিজয়ী বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে ইতিহাস সৃষ্টি কৰাৰ প্রসংগ উল্লেখ কৰি ইছৰ’ৰ মুৰব্বীগৰাকীয়ে কয় যে চন্দ্রৰ দক্ষিণ মেৰুত এতিয়াও অনেক ৰহস্য উদ্ঘাটন কৰিবলগীয়া আছে৷ চন্দ্রৰ এই অঞ্চলটো অধিকাংশ সময় অন্ধকাৰ হৈ থাকে যদিও এই অঞ্চলটোত পানীৰ উৎসৰ সম্ভাৱনা উজ্জ্বল৷ চন্দ্রযান–১ অভিযানত চন্দ্রৰ কক্ষপথত মহাকাশ যানখনে প্রদক্ষিণ কৰাৰ সময়তে চন্দ্রৰ দক্ষিণ মেৰুত পানীৰ সম্ভাৱনাৰ ইংগিত পাইছিল৷ এই সম্ভেদ আছিল মহাকাশ বিজ্ঞানৰ বাবে এক আশাৰ সঞ্চাৰ৷ ইয়াৰ আধাৰতে ভাৰতে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰি লৈছিল আৰু চন্দ্রযান–২ বিফলতাৰ পাছত চন্দ্রযান–৩ৰে চন্দ্রৰ দক্ষিণ মেৰু জয়ৰ অভাৱনীয় কৃতিত্ব লাভ কৰে৷ ইছৰ’ৰ মুৰব্বীগৰাকীয়ে কয় যে চন্দ্রৰ দক্ষিণ মেৰুৰ ৭০ ডিগ্রীl বিক্রম লেণ্ডাৰ অৱতৰণ কৰিছে৷ দক্ষিণ মেৰুত অধিকাংশ সময় অন্ধকাৰ হৈ থাকে৷ তৎসত্ত্বেও এই অঞ্চলতেই আমাৰ যান অৱতৰণ কৰা হৈছে৷ ইয়াৰ প্রধান কাৰণটো হৈছে এই অঞ্চলটোত মহাকাশ গৱেষণাৰ বাবে প্রয়োজনীয় অনেক তথ্য লাভ কৰাৰ সম্ভাৱনা প্রবল৷ পানীৰ সন্ধানৰ উপৰি এই অঞ্চলটোত ভূকম্পনৰ মাত্রা, মাটিত থকা ৰাসায়নিক খনিজ পদার্থৰো সন্ধান চলোৱা হ’ব৷ ভৱিষ্যতে চন্দ্রত মানুহৰ বসতি কিম্বা মহাকাশ অভিযানৰ সময়ত চন্দ্রত বিশ্রাম ক্ষেত্র স্থাপনৰ বাবে এই অঞ্চলটো অধিক উপযুক্ত হ’ব বুলি ধাৰণা কৰাৰ প্রতি লক্ষ্য ৰাখি ভাৰতে এই অঞ্চলটো জয়ৰ লক্ষ্য লৈছিল আৰু ই সম্ভৱো হয়৷ উল্লেখ্য যে ৰ’ভাৰ প্রজ্ঞানে চন্দ্রপৃষ্ঠত ১৪দিন থাকি তাৰ মাটিৰ ৰহস্য উদ্ঘাটনৰ বাবে বিভিন্ন তথ্য সংগ্রহ কৰিব৷ ১৪ দিনৰ মূৰকত ৰ’ভাৰ স্বয়ংক্রিয়ভাৱে নিষ্ক্রিয় হৈ পৰিব৷ মন কৰিবলগীয়া যে কালি সন্ধিয়া ৬.০৪ বজাত বিক্রম লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ সময়ত চন্দ্রত পুৱা হৈছিল৷ পৰৱর্তী ১৪ দিনলৈ চন্দ্রৰ দক্ষিণ মেৰু পোহৰ হৈ থাকিব৷ এই সময়ছোৱাতে ইছৰ’ই চন্দ্রৰ ভৌগোলিক স্থিতি আৰু বিৱর্তনক লৈ চলাবলগীয়া গৱেষণাৰ সময় সংগ্রহ কৰিব প্রজ্ঞানে৷ তদুপৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী এছ সোমনাথে ঘোষণা কৰিছে যে সূৰ্য্যৰ ওপৰত অধ্যয়ন কৰাৰ বাবে আদিত্য-এল১ অভিযান ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইছৰোৰ চন্দ্ৰযান-৩-এ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰাৰ কেইঘণ্টামান পিছতে এই ঘোষণা কৰে মুৰব্বীগৰাকীয়ে।

You might also like