৫৬৩ কোটি ব্যয়ে : গাদ্দাফি ষ্টেডিয়ামৰ চাদৰ পৰা পৰিল পানী
নিউজ ডেস্ক, ৪ মাৰ্চঃ চেম্পিয়নছ ট্ৰফীৰ পূর্বে নতুনকৈ নির্মাণ কৰা হৈছিল লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম৷ ইয়াৰ বাবে পাকিস্তান ক্রিকেট ব’র্ডে খৰচ কৰিছিল ৫৬৩ কোটি টকা৷ উক্ত খেলপথাৰখনত বুধবাৰে ছেমিফাইনেলত মুখামুখি হ’ব নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা৷ ছেমিফাইনেলৰ পূর্বে দেখা গৈছিল যে ষ্টেডিয়ামৰ চাদ লিক হৈ পানী পৰি আছে৷ এই ঘটনাত ক্রমান্বয়ে লজ্জিত হৈ পৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ তদুপৰি, ছেমিফাইনেলৰ পূর্বে বৃদ্ধি পাইছে উদ্বিগ্নতা৷ বৰষুণৰ বাবে চেম্পিয়নছ লীগৰ তিনিখন মেচ ইতিমধ্যে পৰিত্যক্ত হৈছে৷ ইয়াৰে দুখন কৰাচীত আৰু এখন লাহোৰত৷ যোৱা শুকুৰবাৰে লাহোৰত অষ্ট্রেলিয়া আৰু আফগানিস্তানৰ মাজৰ মেচখনৰ আফগানিস্তানৰ ইনিংছ শেষ হৈছিল যদিও অষ্ট্রেলিয়াৰ ইনিংছত বৰষুণে বিধি–পথালি দিয়ে৷ ফলত, খেলখন বাতিল হয় আৰু দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰে৷ উক্ত খেলখনৰ সময়ত একাংশ দর্শকে অভিযোগ কৰিছিল যে গাদ্দাফি ষ্টেডিয়ামৰ চাদখন লিক হোৱাৰ লগতে কেইবাঠাইতো পানী পৰিছিল৷ ষ্টেডিয়ামৰ ভিতৰতো পানী জমা হয়৷ ছ’চিয়েল মিডিয়াতো বহু ভিডিঅ’ প্রচাৰ হৈছে৷ পিচিবিয়ে ইমান টকা খৰচ কৰি এনে নিম্নমানৰ খেলপথাৰ নির্মাণ কৰাৰ অভিযোগ উত্থাপন কৰে দর্শকৰ এটা অংশই৷ ছেমিফাইনেলতো যদি একেই কথা হয় তেন্তে দেশ লজ্জানত হ’ব৷ অৱশ্যে ছেমিফাইনেলত ৰিজার্ভ ডে আছে৷ বুধবাৰেও যদি একেই ছবি দেখা যায় তেন্তে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ ওপৰত আৰু অধিক হেঁচা বৃদ্ধি পাব৷