নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ নিলামত নাম পঞ্জীয়ন ইটালীৰ খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ চৌদি আৰবৰ জেদ্দাত ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আই পি এলৰ গ্রেণ্ড নিলাম৷ এইবাৰৰ নিলামত ১৭খন দেশৰ ১৫৭৪জন ক্রিকেটাৰে নাম পঞ্জীয়ন কৰিছে৷ ইয়াৰে ৪০৯জন বিদেশী ক্রিকেটাৰ৷ পঞ্জীয়নৰ এটা নামে আটাইতকৈ বেছি কৌতূহলৰ সৃষ্টি কৰিছে৷ তেওঁ হৈছে থমাছ জেক ড্ৰাকা৷ ইটালীৰ ক্রিকেটাৰ৷ ক্রিকেট খেলা দেশ হিচাপে কোনো পৰিচয় নথকা দেশৰ এজন ক্রিকেটাৰে আইপিএলৰ নিলামৰ বাবে নাম পঞ্জীয়ন কৰাৰ ঘটনাই তাৎপর্য বহন কৰিছে৷ ড্ৰাকাৰ ইতিহাস চালেই গম পোৱা যায় যে তেওঁ বিশেষ অচিনাকি নহয়৷ ২৪ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে দেশৰ হৈ চাৰিখন টি–২০ মেচ খেলি ৮টা উইকেট দখল কৰে৷ আই পি এলৰ নিলামত প্রৱেশ কৰা প্রথমজন ইটালীৰ ক্রিকেটাৰ হিচাপে পৰিগণিত হয়৷ সোঁহতীয়া মিডিয়াম পেচাৰ ড্ৰাকাই চলিত বর্ষৰ ২৯ জুনত লাক্সেমবার্গৰ বিৰুদ্ধে অভিষেক ঘটায়৷ বিদেশী টি–২০ লীগত খেলাৰ অভিজ্ঞতাও আছে ট্ৰাকাৰ৷ তেওঁ গ্ল’বেল টি–২০ কানাডাত ব্রেম্পটন উলভছৰ হৈ খেলিছিল৷ ৬খন মেচত ১১টা উইকেট লাভ কৰে৷ পিছত আমিৰ শ্বাহীত অনুষ্ঠিত হোৱা আই এল টি২০ত এম আই এমিৰেটছৰ দলে তেওঁক বাছি লয়৷ তেওঁ নিলামত আটাহতকৈ কম মূল্য অর্থাৎ ২০ লাখ টকাৰ ভিত্তি মূল্য ৰাখিছিল৷ নিলামৰ বাবে নাম পঞ্জীয়ন কৰা ১৫৭৪ ক্রিকেটাৰৰ ভিতৰত ১২২৪গৰাকীয়ে এতিয়াও আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটা নাই৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ অভিজ্ঞতা থকা ক্রিকেটাৰৰ সংখ্যা ৩২০জন৷ এই নিলামত আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদৰ সহযোগী সদস্য দেশৰ ৩০গৰাকী ক্রিকেটাৰৰ নামো প্রদর্শিত হ’ব৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলা খেলুৱৈসকলৰ ভিতৰত ৪৮জন ভাৰতীয় আৰু ২৭২জন বিদেশী৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলা নোহোৱা ১৫২গৰাকী ভাৰতীয় খেলুৱৈয়ে আই পি এলত খেলিছে৷ বিদেশীৰ ক্ষেত্রত এই সংখ্যা তিনি৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট বা আহ পি এলৰ অভিজ্ঞতা নথকা ভাৰতীয় খেলুৱৈৰ সংখ্যা ৯৬৫জন আৰু বিদেশী খেলুৱৈৰ সংখ্যা ১০৪ জন৷ মুঠ ভাৰতীয় ক্রিকেটাৰৰ সংখ্যা ১১৬৫জন আৰু বিদেশী ক্রিকেটাৰৰ সংখ্যা ৪০৯জন৷

You might also like