নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৩ লাখ সূর্যক গ্রাস কৰিব পাৰে হাতীপটি-ৰ কৃষ্ণগহ্বৰে

বিজ্ঞানীসকলে জানিবলৈ সক্ষম হৈছে যে হাতীপতীৰ ব্লেক হোল ছাজিটেৰিয়াছ এ* বা এছজিআৰ এ* দুর্বাৰ গতিত ঘূৰি আছে৷

৪৩ লাখ সূর্যক গ্রাস কৰিব পাৰে হাতীপটি-ৰ কৃষ্ণগহ্বৰে

নিউজ ডেস্ক, ২৪ জুনঃ বিশ্ব ব্রহ্মাণ্ডত কৃষ্ণ গহ্বৰক লৈ জ্যোতির্বিজ্ঞানীসকলৰ্ গৱেষণা অব্যাহত আছে৷ হাতীপটি তাৰকা ৰাজ্যৰে মাজভাগত যি বিশাল কৃষ্ণগহ্বৰ বা ব্লেক হোল আছে তাক লৈ অধিক নতুন তথ্য জানিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে৷

কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে নতুন গৱেষণাত এই সমস্ত তথ্য লাভ কৰিছে বিজ্ঞানীসকলে৷ ইয়াৰ ফলত ব্লেক হোলক লৈ বিজ্ঞানীসকলৰ দীর্ঘদিনীয়া ধাৰণাও যথেষ্ট সলনি হৈছে৷ বিজ্ঞানীসকলে জানিবলৈ সক্ষম হৈছে যে হাতীপতীৰ ব্লেক হোল ছাজিটেৰিয়াছ এ* বা এছজিআৰ এ* দুর্বাৰ গতিত ঘূৰি আছে৷

সর্বোচ্চ গতিত এই কৃষ্ণগহ্বৰে ঘূৰি আছে নিজৰ অক্ষৰ চাৰিওফালে৷ পদার্থবিদ্যাৰ যিমান জোৰে ঘূৰা সম্ভৱ সিমান জোৰে চলি আছে এই ঘূর্ণন৷ পূর্বে বিজ্ঞানীসকলে এই ধাৰণা কৰিব পৰা নাছিল৷ স্মর্তব্য যে এটা নক্ষত্রৰ মৃত্যুত মহাকাশত জন্মহয় কৃষ্ণগহ্বৰৰ৷

এই কৃষ্ণগহ্বৰ অসীম আৰু অন্ধকাৰ গহ্বৰ৷ ইয়াৰ ক্ষমতা ইমানেই বেছি যে এই কৃষ্ণগহ্বৰৰ মাজৰ পৰা পোহৰো বাহিৰ হ’ব নোৱাৰে৷ কৃষ্ণগহ্বৰে গ্রাস কৰে ইয়াৰ সমীপৱর্তী সৰু–ডাঙৰ বহু গ্রহ তথা নক্ষত্র৷ ইয়াৰ মাজেৰে পোহৰ বাহিৰ হ’ব নোৱাৰে বাবে কৃষ্ণগহ্বৰক লৈ পর্যবেক্ষণ কৰাও কঠিন৷

মহাকাশৰ এই ধৰণৰ একাধিক গহ্বৰৰ অস্তিত্ব নিশ্চিত কৰিছে বিজ্ঞানীসকলে৷ কিন্তু বিজ্ঞানৰ ওচৰত কৃষ্ণগহ্বৰ এতিয়াও এক বৃহৎ ৰহস্য৷ বহু বিজ্ঞানীয়ে ধাৰণা কৰা অনুসৰি এতিয়াও কৃষ্ণগহ্বৰৰ ৯৯ শতাংশ অজানা হৈ আছে৷ অর্থাৎ ৯৯ শতাংশ কৃষ্ণগহ্বৰৰ কথা আজিও বিজ্ঞানীসকলে জানিবলৈ সক্ষম হোৱা নাই৷

আমাৰ সৌৰজগতৰ তাৰকাৰাজ্য হাতীপটি থকা কৃষ্ণগহ্বৰটোৰ ভৰ সূর্যতকৈ ৪৩ লাখ গুণ বেছি৷ অর্থাৎ এই কৃষ্ণগহ্বৰৰ ভিতৰত সোমাই যাব পাৰে ৪৩ লাখ সূর্য৷ পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব ২৬ হাজাৰ আলোকবর্ষ৷ সাধাৰণতে ১ ছেকেণ্ডতে ৩ লাখ কিলোমিটাৰ যাব পাৰে এই পোহৰে৷

পদার্থ বিজ্ঞানৰ ভাষাত সর্বোচ্চ গতি এয়াই৷ পোহৰতকৈ দ্রুতগামী এতিয়ালৈকে একো আৱিষ্কাৰ হোৱা নাই৷ হাতীপটি তাৰকা ৰাজ্যৰ কৃষ্ণগহ্বৰৰ ঘূর্ণন গতিও পোহৰৰ সমান বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ এই বিষয়ত বিষদ গৱেষণাৰ বাবে চিন্তা–চর্চা চলাইছে বিজ্ঞানীসকলে৷

You might also like