নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট–ৰোহিতৰ পিছত অৱসৰ ঘোষণা জাদেজাৰ

🔹 ভাৰতৰ হৈ আৰু টি–২০ ক্রিকেট নেখেলে ৰবীন্দ্রই

বিশেষ বাৰ্তা, ৩০ জুন : দেশৰ হৈ আৰু টি–২০ ক্রিকেট নেখেলে ৰবীন্দ্র জাদেজাই৷ শনিবাৰে বিৰাট কোহলি আৰু ৰোহিত শর্মাই অৱসৰ ঘোষণা কৰাৰ পিছত এইবাৰ জাদেজাই টি–২০ সংস্কৰণৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে৷ একেৰাহে তিনিগৰাকী অভিজ্ঞ ভাৰতীয় ক্রিকেটাৰে টি–২০ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰে৷ শনিবাৰে মেচখন শেষ হোৱাৰ পিছতে বিৰাট আৰু ৰোহিতে জনাইছিল যে তেওঁলোকে আৰু দেশৰ হৈ টি–২০ ক্রিকেট নেখেলে৷ ইয়াৰ পিছতে আজি ইনষ্টাগ্রামত পোষ্ট কৰি অৱসৰৰ কথা সদৰী কৰে জাদেজাই৷ তেওঁ লিখিছে– আন্তর্জাতিক টি–২০ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলোঁ৷ গর্বিত ঘোঁৰাই যিদৰে শিৰ উচ্চ কৰি চলে, ঠিক সেইদৰে আমিও দেশৰ হৈ নিজৰ শ্রেষ্ঠখিনি দিয়াৰ চেষ্টা কৰিছোঁ৷ এতিয়াও সেয়া টেষ্ট আৰু এদিনীয়া ক্রিকেটত কৰাৰ চেষ্টা চলাম৷ আমাৰ সপোন আছিল টি–২০ বিশ্বকাপ বিজয়৷ এতিয়া সেয়া সঁচা হ’ল৷ ভাৰতৰ হৈ ৭৪ খন টি–২০ মেচ খেলিছে জাদেজাই৷ সদ্য সমাপ্ত বিশ্বকাপত বিশেষ সফলতা পোৱা নাই জাদেজাই৷ কিন্তু বেটিং, বলিং আৰু ফিল্ডিঙত পাৰদর্শী জাদেজা অবিহনে দল গঠন অধিক কঠিন হ’ব৷ উল্লেখ্য যে বিৰাট আৰু জাদেজাই ২০০৮ চনত একেলগে ১৯ বছৰ অনূৰ্ধ্ব  বিশ্বকাপ জয় কৰিছিল৷ ইয়াৰ পিছত ভাৰতীয় দলতো একেলগে খেলিছিল তেওঁলোকে৷ টি–২০ বিশ্বকাপ জয় কৰি একেলগে অৱসৰ গ্রহণ কৰিলে বিৰাট আৰু জাদেজাই৷ কোহলিয়ে মেচৰ শ্রেষ্ঠ পুৰস্কাৰ গ্রহণ কৰি অৱসৰ ঘোষণা কৰাৰ বিপৰীতে ৰোহিতে সাংবাদিক মেলত এই কথা সদৰী কৰে৷

You might also like