নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল জীৱন মিছনে ৰুধিব ৪ লাখ ডায়েৰীয়া আক্ৰান্তৰ মৃত্যুঃ বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যয়নত প্ৰকাশ

বিশেষ বাৰ্তা, ৯ জুনঃ ডব্লিউ এইচ অ’ৰ এক অধ্যয়নত প্ৰকাশ পোৱা মতে যদি জল জীৱন অভিযানে সমগ্ৰ ভাৰতবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পাৰে, তেন্তে ইয়াৰ ফলত ডায়েৰীয়া ৰোগত হোৱা মৃত্যুৰ সংখ্যা ৰোধ হ’ব। বিশ্ব স্বাস্থ্য সংস্থাৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে জল জীৱন মিছনে সকলো গ্ৰাম্য পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰাৰ লক্ষ্য পূৰণ কৰিলে প্ৰায় ৪ লাখ লোকৰ ডায়েৰীয়া ৰোগত হোৱা মৃত্যু ৰোধ কৰিব পৰা যাব। উল্লেখ্য যে অহা বছৰৰ ভিতৰত গ্ৰাম্য অঞ্চলৰ সকলো ঘৰতে ব্যক্তিগত নল সংযোগৰ জৰিয়তে সুৰক্ষিত আৰু পৰ্যাপ্ত খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ২০১৯ চনত জল জীৱন মিছন (জে জে এম) আৰম্ভ কৰিছিল। চৰকাৰী পৰিসংখ্যা অনুসৰি এতিয়ালৈকে ৬২ শতাংশ গ্ৰাম্য পৰিয়ালক টেপৰ পানী সংযোগৰ ব্যৱস্থা কৰা হৈছে। লগতে অধ্যয়নটোত কোৱা হৈছে যে প্ৰতিটো ঘৰতে টেপৰ সংযোগ প্ৰদান কৰিলে পানী সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট সময়ৰ ৰাহি হ’ব, বিশেষকৈ মহিলাসকলৰ মাজত।গৱেষণাৰ তথ্যসমূহ উপস্থাপন কৰি ডব্লিউ এইচ অ’/ইউনিচেফৰ জইণ্ট মনিটৰিং প্ৰগ্ৰেম ফৰ ৱাটাৰ ছাপ্লাই, ছেনিটেচন এণ্ড হাইজিনৰ সহ-নেতা ৰিচাৰ্ড জনষ্টনে কয় যে যদি বিশ্বই খোৱাপানী আৰু অনাময়ৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হয়, তেন্তে ইয়াৰ কাৰণ হ’ব ভাৰত। ইয়াৰ কাৰণ হৈছে জনসংখ্যা আৰু আকাৰ, যিহেতু ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যা থকা দেশ, গতিকে ভাৰতত যি ঘটে সেয়া বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। উল্লেখ্য যে ভাৰতত সুৰক্ষিতভাৱে পৰিচালিত খোৱাপানী সেৱাৰ বৰ্ধিত সুবিধা লাভৰ ফলত হোৱা সম্ভাব্য স্বাস্থ্য লাভ আৰু ইয়াৰ লগত জড়িত খৰচ ৰাহিৰ মূল্যায়নৰ বাবে খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ে বিশ্ব স্বাস্থ্য সংস্থাক অনুৰোধ জনাইছিল।

You might also like