নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰৰ ডোডাত পুনৰ সন্ত্রাসবাদীৰ আক্রমণ

🔹 প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ নিৰাপত্তা বৈঠক

🔹 দুজন জোৱান আহত

বিশেষ বাৰ্তা, ১৮ জুলাই : জম্মু–কাশ্মীৰৰ ডোডাত পুনৰ নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ সন্ত্রাসবাদীৰ৷ দুদিন পূর্বে ডোডাত সন্ত্রাসবাদী সংগঠন কাশ্মীৰ টাইগার্ছে নিৰাপত্তা বাহিনীৰ ওপৰত ভয়াৱহ আক্রমণ চলাই কেপ্টেইনসহ ৫ সেনা জোৱানৰ প্রাণ লোৱাৰ পাছত আজি পুনৰ জিলাখনৰ ডেছা বনাঞ্চলত নিৰাপত্তা বাহিনীৰ অস্থায়ী শিবিৰত গুলীৰে আক্রমণ চলায় সন্ত্রাসবাদীয়ে৷ এই আক্রমণত দুজন জোৱান আহত হৈছে৷ সন্ত্রাসবাদীক কৰায়ত্ত কৰিবলৈ অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে৷ ইপিনে, জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি নিৰাপত্তাৰ ওপৰত কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয়৷ প্রধানমন্ত্রীৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ নিৰাপত্তা বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ এই বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সন্ত্রাসবাদবিৰোধী অভিযানত সশস্ত্র বাহিনীক পূর্ণাংগ শক্তি প্রয়োগ কৰিবলৈ নির্দেশ দিছে৷ বৈঠকত প্রধানমন্ত্রী মোদীয়ে গৃহমন্ত্রী শ্বাহ, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু উপ-ৰাজ্যপাল মনোজ সিনহাৰ পৰা কাশ্মীৰৰ পৰিস্থিতিৰ বুজ লয়৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্রশাসনিক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছতেই জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি পাইছে৷ প্রধানমন্ত্রী মোদীয়ে ইয়াৰ পূর্বে সন্ত্রাসবাদবিৰোধী অভিযান পূর্ণ শক্তিৰে চলাই যাবলৈ নির্দেশ দিছিল৷

You might also like