নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৱেষণাগাৰত ‘কৃত্রিম তেজ’ প্রস্তুত বিজ্ঞানীৰ

🔹 গৱেষণাগাৰত ‘কৃত্রিম তেজ’ প্রস্তুত বিজ্ঞানীৰ

🔹 এবটল তেজৰ বাবে হাহাকাৰ কৰাৰ দিন শেষ

🔹 ১৬গৰাকী ব্যক্তিৰ শৰীৰত ক্লিনিকেল পৰীক্ষা আৰম্ভ

নিউজ ডেস্ক, ১০ জুন : তেজৰ গ্রুপক লৈ ভাবিবলগীয়া দিন শেষ হৈ আহিছে! এবটল তেজৰ বাবে হাহাকাৰ কৰিবলগীয়া দিনৰ অন্ত পৰিছে! কি গ্রুপৰ তেজ প্রয়োজন তাক লৈ ব্লাড বেংকত গৈ ভৱিষ্যতে বিচাৰ–খোচাৰ কৰিবলগীয়া নহ’ব৷ তেজৰ নাটনি থাকিলেও চিন্তা নাই৷ কাৰণ মানৱ শৰীৰৰ তেজৰ বিকল্প হ’ব পাৰে গৱেষণাগাৰত প্রস্তুত কৰা কৃত্রিম ৰক্তকোষ৷

জাপানৰ বিজ্ঞানীসকলে শেহতীয়াকৈ এই দাবী কৰিছে৷ কৃত্রিম তেজেৰে ৰোগীৰ প্রাণৰক্ষা কৰাৰ চেষ্টা চলাইছে জাপানৰ চিকিৎসা বিজ্ঞানীসকলে৷ আৰম্ভ হৈছে মানুহৰ শৰীৰত ক্লিনিকেল পৰীক্ষা৷ জাপানৰ নাৰা চিকিৎসা বিশ্ববিদ্যালয়ত গৱেষকসকলে কৃত্রিম ৰক্তকোষ প্রস্তুত কৰি উলিয়াইছে গৱেষণাগাৰত৷ তেজৰ গ্রুপ যিয়েই নহওক কিয়, সকলোৰে শৰীৰত কাম কৰিব এই কৃত্রিম ৰক্তকোষে৷ জাপানৰ চিকিৎসা বিজ্ঞানীসকলে এইক্ষেত্রত সফলতা লাভ কৰিব পাৰিব বুলি দাবী কৰিছে৷ গৱেষণাগাৰত কৃত্রিম তেজ প্রস্তুতৰ পৰীক্ষা নতুন নহয়৷ আমেৰিকাৰ বিজ্ঞানীসকলে দীর্ঘদিন ধৰি এই চেষ্টা চলাই আহিছে৷ ২০২০ চনত এই সন্দর্ভত এক গৱেষণা পত্রও প্রকাশ পাইছিল৷ আনকি কেইবাগৰাকীও ব্যক্তিৰ শৰীৰত কৃত্রিম তেজৰ ক্লিনিকেল পৰীক্ষা চলোৱা হৈছে৷ কিন্তু মানুহে সৃষ্টি কৰা এই কৃত্রিম ৰক্তকোষ দীর্ঘদিন ধৰি জীয়াই ৰখাটো সম্ভৱ নহ’ব৷ এইবাৰ জাপানৰ বিজ্ঞানীসকলে সেই অসাধ্য সাধন কৰি দেখুৱাব বুলি দাবী কৰিছে৷

চিকিৎসা বিজ্ঞানী হিৰ’মি ছাকাই আৰু তেওঁৰ দলে ৰক্তকোষ সৃষ্টিৰ গৱেষণা চলাইছে৷ হিৰ’মিয়ে উল্লেখ কৰিছে যে দাতাৰ শৰীৰৰ পৰা যি তেজ লোৱা হয় তাৰ আয়ুস ৪২ দিনৰ বেছি নহয়৷ কাৰণ লোহিত ৰক্তকণিকা শৰীৰৰ বাহিৰত বেছি সময় টিকি থাকিব নোৱাৰে৷ কিন্তু কৃত্রিম ৰক্তকোষ দীর্ঘদিনলৈ বাছি থাকিব বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে৷ ইতিমধ্যে ১৬গৰাকী ব্যক্তিৰ শৰীৰত ক্লিনিকেল পৰীক্ষা আৰম্ভ কৰা হৈছে৷

You might also like