ব্লুমবার্গৰ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত জেফ বেজছ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ মাৰ্চঃ ৯ মাহত প্রথমবাৰৰ বাবে বিশ্বৰ ধর্ণাঢ়্য ব্যক্তিৰ তালিকাৰ শীর্ষস্থান হেৰুৱালে টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে৷ ব্লুমবার্গে প্রকাশ কৰা বিশ্বৰ ধর্ণাঢ়্য ব্যক্তিৰ তালিকাত আমাজ’নৰ প্রতিষ্ঠাত জেফ বেজছে টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কক আঁতৰাই শীর্ষস্থান লাভ কৰিছে৷ তালিকা অনুসৰি জেফ বেজছক সম্পত্তিৰ পৰিমাণ ২০০.৩ বিলিয়ন মার্কিন ডলাৰ৷ এলন মাস্কৰ টেছলাৰ শ্বেয়াৰৰ মূল্য হ্রাস পোৱাৰ ফলত ৭ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৯৮ বিলিয়ন মার্কিন ডলাৰলৈ অৱনমিত হৈছে৷ ইয়াৰ বাবে মাস্কে প্রথম স্থান হেৰুৱাই দ্বিতীয় স্থান লাভ কৰিছে৷ আনপিনে ফ্রান্সৰ বিলাসী সামগ্রী কোম্পানীৰ স্বত্বাধিকাৰী বার্ণার্ড আর্ণর্ল্টৰ সম্পত্তিৰ পৰিমাণ ১৯৭ বিলিয়ন মার্কিন ডলাৰ৷ তেওঁৰ স্থান তৃতীয়৷ তালিকাত শীর্ষ ১০গৰাকীয়েই আমেৰিকা যুক্তৰাষ্ট্রৰ উদ্যোগপতি৷ চতুর্থ স্থানত মার্ক জুকাৰবার্গ, পঞ্চম স্থানত বিল গেট্ছ, ষষ্ঠ স্থানত স্তিভ বালিমাৰ, সপ্তম স্থানত ৱাৰেন বাফেট, অষ্টম স্থানত লেৰী এলিছন, নৱম স্থানত লেৰী পেজ আৰু দশম স্থানত ছার্গি ব্রিন৷ উল্লেখনীয় যে শীর্ষ ১০ৰ স্থানৰ পৰা নিম্নগামী হৈ ভাৰতীয় উদ্যোগপতি ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে একাদশ স্থান লাভ কৰিছে৷